নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীনখণ্ডত সফলতা অৰ্জন অসমৰঃ অসমে লাভ কৰা চাৰিটা পুৰস্কাৰ মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে গুৱাহাটীত সাক্ষাৎ কৰে আৰু কিছু দিন পূৰ্বে ‘বিশ্ব মীন দিৱস’ উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত মৎস্য পালনৰ ক্ষেত্ৰত অসমে লাভ কৰা চাৰিটা পুৰস্কাৰ ক্ৰমে- শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা (নগাঁও), শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্য পালক (অমল মেধি) বঁটাৰ ফলক আৰু মানপত্ৰসমূহ মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰে।
মুখ্যমন্ত্ৰীয়ে এই উল্লেখনীয় সফলতাৰ বাবে ৰাজ্য চৰকাৰৰ মীন বিভাগৰ বিষয়া, কৰ্মচাৰীসকলৰ লগতে মৎস্য পালকসকলক আন্তৰিক অভিনন্দন জনায়।
তদুপৰি, মৎস্য উৎপাদনৰ দিশত অসমক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ বিভাগটোৱে গ্ৰহণ কৰা বিভিন্ন সফল পদক্ষেপৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।
উল্লেখ্য যে অভিলেখ সৃষ্টিৰে সম্প্ৰতি অসমে বছৰি ৩.৭৩ লাখ মেট্ৰিক টন মাছ উৎপাদন কৰিবলৈ সক্ষম হৈছে।
You might also like