নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় গৃহ বিভাগত ৫৩৩ পদৰ বিজ্ঞাপন

ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ অধীনত পৰিচালিত মেডিকেল অফিচাৰ ছিলেকচন ব’র্ডে(Medical Officer Selection Board (CAPFs)-2021) প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, প্রতিৰক্ষা বিভাগত অচিৰেই ৫৩৩ পদ পূৰণ কৰা হ’ব৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিDIG (Estt & Recruitment)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Super Specialist Medical Officer-Second-in-Command (5), Specialist Medical Officer-Deputy Commandant (201), Medical Officer-Assistant Commandant (345), Dental Surgeon-Assistant Commandant (2)৷Super Specialist Medical Officer-Second-in-Commandৰ পদসমূহITBPৰCardiology (1), Neurosurgery (1), Neurology (1), Nephrology (1), Gastroenterology (1) বিভাগত পূৰণ কৰা হ’ব৷ মুঠ পদ পাঁচটাৰ ভিতৰত অসংৰক্ষিত ৪টা আৰু এটা পদ অ’বিচি প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷Specialist Medical Officer-Deputy Commandantৰ পদসমূহBSF (52), CRPF (116), SSB (18), ITBP (11), Assam Rifles (4)ৰMedicine (36), Surgery (36), Gynae & Obs (22), Anesthetist (24), Radiologist (39), ENT (1), Pathologist (20), Opthalmologist -Eye (19), Psychiatrists (1), Paediatrics (2), Orthopedics (1) বিভাগত পূৰণ কৰা হ’ব৷

মুঠ পদ ২০১টাৰ ভিতৰত অসংৰক্ষিত ৯৬টা, এছচিৰ ২৫টা, এছটিৰ ১০টা, অ’বিচিৰ ৫১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৯টা পদ সংৰক্ষিত থাকিব৷ Medical Officer-Assistant Commandantৰ পদসমূহ BSF (85), CRPF (77), SSB (51), ITBP (101), Assam Rifles (31) বিভাগত পূৰণ কৰা হ’ব৷ মুঠ পদ ৩৪৫টাৰ ভিতৰত অসংৰক্ষিত ৮৭টা, এছচিৰ ৬৮টা, এছটিৰ ৭টা, অ’বিচিৰ ১৫৪টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২৯টা পদ সংৰক্ষিত থাকিব৷

Dental Surgeon-Assistant Commandantৰ পদ ২টাCRPF (1) আৰুAssam Rifles (1) বিভাগত পূৰণ কৰা হ’ব৷Super Specialist Medical Officer-Second-in-Command পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৭৮,৮০০–২,০৯,২০০ টকা৷Specialist Medical Officer-Deputy Commandant পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৬৭,৭০০–২,০৮,৭০০ টকা৷Medical Officer-Assistant Commandant আৰুDental Surgeon-Assistant Commandant পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,৭৭,৫০০ টকা৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট www.recruitment.itbpolice.nic.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৭ অক্টোবৰ, ২০২১৷

You might also like