নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ উপস্থিতিত মাংগলিক কার্যসূচীৰে ৰাজহুৱাকৈ জ্বলোৱা হ’ব ২,৪৭৯টা গঁড়ৰ খড়গ

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ বন্যপ্রাণী প্রতিৰক্ষা আইন–১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত জমা হৈ থকা গঁড়ৰ খড়গ, হাতীৰ দাঁত বা তেনেজাতীয় অনুসূচীভুক্ত বন্যপ্রাণীৰ দেহাংশ ৰাজহুৱাকৈ দাহ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ যাৰ বাবে বিগত সময়ছোৱাত মৰিগাঁও, বৰপেটা, মঙলদৈ, গুৱাহাটী, তেজপুৰ, নগাঁও, কাজিৰঙা আৰু গোলাঘাটৰ চৰকাৰী কোষাগাৰত জমা হৈ থকা গঁড়ৰ খড়গ পৰীক্ষা কৰাৰ পিছত ২২ ছেপ্টেম্বৰত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত দাহ কৰিব৷

বন বিভাগৰ তথ্য মতে ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩টা গঁডৰ খড়গ ইতিমধ্যে উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ পিছত সংৰক্ষিত ২,৪৭৯টা গঁডৰ খড়গ দাহ কৰা হ’ব৷ সংৰক্ষিত ২,৬২৩টা খড়গৰ পৰা ৯৪টা গঁডৰ খড়গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০টা খড়গ সংৰক্ষণ কৰিব বন বিভাগে৷ ২২ ছেপ্টেম্বৰত উদযাপন হ’ব লগা বিশ্ব গঁড় দিৱসৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ২,৪৭৯টা গঁডৰ খড়গ ৰাজহুৱাকৈ দাহ কৰাৰ পূর্ণ প্রস্তুতি চলাইছে ৰাজ্যৰ বন বিভাগে৷

মাংগলিকভাৱে হ’বলগীয়া গঁড়ৰ খড়গৰ দাহ কার্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰিব৷ এই দাহন কার্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬টাকৈ গেছচালিত চৌকা সংস্থাপন কৰা হৈছে৷ নির্মাণ কৰা হৈছে সভাথলী৷ ৰাজ্যখনৰ চীফ ৱাইল্ড লাইফ ৱার্ডেন এম কে যাদৱৰ তত্ত্বাৱধানত বোকাখাত ৰাজহুৱা খেলপথাৰত যুদ্ধকালীন প্রস্তুতিৰে এই দাহন কার্যৰ প্রস্তুতি চলিছে৷

সোমবাৰে ৰাজ্যৰ ৮টা কোষাগাৰত সংৰক্ষিত হৈ থকা আৰু পর্যবেক্ষণ সমিতিৰ দ্বাৰা পৰীক্ষা কৰা ২,৪৭৯টা গঁড়ৰ খড়গ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত থকা কোষাগাৰলৈ অনাৰো ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ পৰাই এইসমূহ গঁড়ৰ খড়গ বোকাখাতৰ ৰাজহুৱা খেলপথাৰলৈ নি একেলগে দাহ কৰা হ’ব৷

উল্লেখ্য যে গঁড়ৰ খড়গৰ কোনো বিজ্ঞানসন্মত উপযোগিতা নাই যদিও বিশ্বৰ দুখনমান দেশত চলি থকা অন্ধবিশ্বাসৰ বাবেই গঁডৰ খড়গ ব্যৱহাৰ হৈ আহিছে৷ দুখনমান বিদেশী ৰাষ্ট্রৰ অন্ধবিশ্বাসৰ বাবেই বিশ্বত গঁড়ৰ খড়গৰ এখন বজাৰ গঢ়ি উঠিছে৷ এই বজাৰত গঁড়ৰ খড়গৰ মূল্য শূন্য কৰাৰ বাবেই খড়গসমূহ দাহ কৰাৰ ব্যৱস্থা কৰা বুলি বন বিভাগৰ সূত্রত প্রকাশ৷

You might also like