নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত পদ খালী

🟢আবেদনৰ অন্তিম তাৰিখ ১ ডিচেম্বৰ

পশ্চিম মেদিনীপুৰৰ বিদ্যাসাগৰ বিশ্ববিদ্যালয়ত ২টা গুৰুত্বপূর্ণ পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ দুয়োটা পদৰ বাবে যোগ্য আৰু অর্হতাসম্পন্ন প্রার্থীয়ে অফলাইন আবেদন জনাব পাৰিব৷ যি দুটা পদত প্রার্থী নিয়োগ কৰা হ’ব সেই দুটা হ’ল কণ্ড্রোলাৰ অৱ এক্সামিনেচন আৰু ইউনিভাৰছিটী ইঞ্জিনীয়াৰ৷ দুয়োটা পদৰ বাবে প্রার্থীৰ বয়স হ’ব লাগিব ক্রমে ৪০ আৰু ৩৫ বছৰ৷ সংৰক্ষিতসকলৰ বাবে বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হ’ব৷ কণ্ড্রোলাৰ অৱ এক্সামিনেচন আৰু ইউনিভাৰছিটী পদত নিযুক্তিপ্রাপ্তসকলে মাহিলি ১,৪৪,২০০ টকা আৰু ৭৯,৮০০ টকা মাহিলি লাভ কৰিব৷ ইয়াৰ উপৰি অন্যান বানচসমূহো থাকিব৷ পদসমূহত প্রাথমিকভাৱে এবছৰৰ বাবে নিয়োগ কৰা হ’ব যদিও পিছত নিযুক্তিপ্রাপ্তসকলক্ কামৰ ভিত্তিত নিয়মীয়া কৰা হ’ব৷ প্রতিটো পদত আবেদনৰ বাবে শিক্ষাগত অর্হতা আৰু পেছাদাৰী অভিজ্ঞতা পৃথক মাপকাঠী থাকিব৷ মূল বিজ্ঞাপনত সেই কথা বিষদভাৱে জনোৱা হৈছে৷ আবেদনৰ বাবে আগ্রহী প্রার্থীসকলে বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা আবেদন–পত্র ডাউনলোড কৰি পূৰণ কৰিব লাগিব আৰু বিজ্ঞাপনত উল্লিখিত ঠিকনাত সকলো নথি–পত্রসহ আবেদন কৰিব পাৰিব৷ লগতে পঠিয়াব লাগিব আবেদন মূল্যৰ বাবদ ৮০০ টকা৷ আবেদনৰ অন্তিম দিন ১ ডিচেম্বৰ৷

You might also like