নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামাপ্রসাদ মুখার্জী বন্দৰত পদ খালী

🔴আবেদনৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ

শ্যামাপ্রসাদ মুখার্জী বন্দৰত কর্মী নিয়োগ কৰা হ’ব৷ এই মর্মে এটি নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ বিজ্ঞাপন অনুসৰি ছীফ ইঞ্জিনীয়াৰ পদত প্রার্থীৰ প্রয়োজন৷ এই পদৰ বাবে ৩৭ বছৰ বয়সৰ প্রার্থীৰ আবেদন গ্রহণ কৰা হ’ব৷ আবেদনকাৰীসকলৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্রী থকা প্রয়োজন৷ কমেও ৯ বছৰ বন্দৰৰ প্লেনিং, কনষ্ট্রাকচন, ডিজাইন, মেণ্টেনেন্স বিভাগত কাম কৰাৰ অভিজ্ঞতা থকা আৱশ্যক৷ কেন্দ্রীয় অথবা কেন্দ্রৰ অধীনস্থ সংস্থাত কাম কৰাৰ অভিজ্ঞতা থকা প্রার্থীক নিয়োগৰ ক্ষেত্রত অগ্রাধিকাৰ দিয়া হ’ব৷ নিযুক্তিপ্রাপ্ত প্রার্থীক মাহিলি ৩২,০০০ টকাৰ পৰা ৫৮,০০০ টকা দৰমহা দিয়া হ’ব৷ ডাকযোগে প্রার্থীসকলৰ জীৱনপঞ্জীসহ অন্যান্য নথিপত্র আবেদন পত্রৰ সৈতে পঠিয়াব লাগিব৷ এই পদত নিয়োগ সম্পর্কে বিশেষ তথ্য জনাৰ বাবে প্রতিষ্ঠানটোৰ ৱেবছাইট চাব লাগিব৷ আবেদনৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ৷

You might also like