নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত ১.০৫ কোটি মূল্যৰ চিগাৰেট জব্দ

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: মিজোৰামৰ চম্পাই জিলাৰ ট্লাংচাম গাঁৱত আছাম ৰাইফলছ আৰু আবকাৰী বিভাগে অভিযান চলাই ১.০৫ কোটি টকা মূল্যৰ বেআইনী বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে৷ অভিযানকাৰী দলটোৱে গাঁওখনত প্রৱেশ কৰি এজন ব্যক্তিৰ অধীনত থকা অতি কমেও ৭০ বাকচ বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে ব্যক্তিজনকো গ্রেপ্তাৰ কৰিছে৷ অসম ৰাইফলছৰ এটা দলে ১০৩ বেগ অবৈধ এৰিকা নাট জব্দ কৰাৰ দুদিন পাছতেই পুনৰ ১.০৫ কোটি টকা মূল্যৰ বেআইনী বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে৷

মন কৰিবলগীয়া যে ম্যানমাৰৰ পৰা মিজোৰাম হৈ বিৰল প্রজাতিৰ বন্যপ্রাণীৰ লগতে অবৈধ সামগ্রীৰ সৰবৰাহ চলি আছে৷ ৰাজ্যখনৰ আৰক্ষীৰ লগতে আছাম ৰাইফলছ আৰু বিভাগীয় কর্তৃপক্ষই এই সন্দর্ভত অভিযান চলাই বিগত কেইবাদিন ধৰি বৃহৎ পৰিমাণৰ অবৈধ সা–সামগ্রী জব্দ কৰিবলৈ সক্ষম হৈছে৷ আছাম ৰাইফলছ আৰু আবকাৰী বিভাগে বিশেষ তথ্যৰ আধাৰত ট্লাংচাম গাঁৱত অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি আছাম ৰাইফলছৰ শীর্ষ বিষয়াই সদৰী কৰিছে৷ সম্প্রতি আবকাৰী বিভাগে ধৃত ব্যক্তিজনক সোধা–পোছা কৰি এই অবৈধ বিদেশী চিগাৰেট সন্দর্ভত আন আন তথ্য সংগ্রহ কৰাৰ চেষ্টা চলাই আছে৷

You might also like