নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থানান্তৰ ন’হল ডাম্পিং গ্রাউণ্ডঃ আৱর্জনাৰ দুর্গন্ধত অতিষ্ঠ বৃহত্তৰ অঞ্চলবাসী

নিয়মীয়া বাৰ্তা, ১৩ মার্চ: গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাৰ ৬০টা ৱার্ডৰ আৱর্জনাসমূহ পেলোৱাৰ বাবে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছিং ব’ডৰ প্রায় ৬০ বিঘা মাটিত গুৱাহাটী পৌৰ নিগমে ২০২১ চনৰ আগষ্ট মাহৰ প্রথম সপ্তাহত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত স্থাপন কৰিছিল এটা ডাম্পিং গ্রাউণ্ড ৷ কিন্তু বিগত সময়ছোৱাত ডাম্পিং গ্রাউণ্ডটোৱে সৃষ্টি কৰা দূষিত ভয়াৱহ প্রদূষণৰ বাবে পশ্চিম বৰাগাঁৱৰ উপৰি দাঁতিকাষৰীয়া পামহী, মইনাখোৰোং, দেউছতাল, মাঘুৱাপাৰা, বডোপাৰাকে ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিগত ডেৰ বছৰৰো অধিক দিন ধৰি শান্তিৰে অলপো উশাহ ল’ব পৰা নাই৷ এক কথাত ক’ব লাগিলে দুর্গন্ধৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে৷ বিগত সময়ছোৱাত এই সম্পর্কে দীপৰ বিল সুৰক্ষা মঞ্চ , পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চ, ইয়ং গ্রীন ক্লাবকে ধৰি অঞ্চলটোৰ ৰাইজে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটো তাৰ পৰা স্থানান্তৰ কৰাৰ বাবে বিভিন্ন প্রতিবাদী কার্যসূচী গ্রহণ কৰিছিল৷

আনকি দীপৰ বিল সুৰক্ষা মঞ্চই এই সন্দর্ভত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰি পত্র প্রেৰণ কৰিছিল৷ তাৰ পাছত গুৱাহাটী পৌৰ নিগমে দুর্গন্ধ আঁতৰ কৰাৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হ’ববুলি কেইবাবাৰো প্রতিশ্রুতি দিছিল৷ কিন্তু প্রতিবাদী ৰাইজৰ দাবীত সেও মনা দেখুৱাই গুৱাহাটী পৌৰ নিগমে প্রতিশ্রুতি দিয়াৰ এবছৰ পাৰ হোৱাৰ পাছতো ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাৰ পৰা নির্গত হোৱা দুর্গন্ধ আঁতৰ কৰাৰ বাবে বিশেষ অত্যাধুনিক বৈজ্ঞানিক পদ্ধতি প্রয়োগ নকৰাত আজিও দুর্গন্ধই ছানি ধৰি আছে বৃহত্তৰ অঞ্চলটোৰ আকাশ–বতাহ৷ এই সন্দর্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিদ টেৰণ, সাধাৰণ সম্পাদক প্রমোদ কলিতা, উপ–সভাপতি বলেশ্বৰ ৰংপী, সহকাৰী সম্পাদক সুশীল টেৰণ, পামহী কার্বিপাৰা ৰাইজৰ সভাপতি সনেশ টেৰণ, ইয়ং গ্রীন ক্লাবৰ কর্মকর্তাদ্বয় উৎপল কুমাৰ দাস আৰু ধীৰাজ টুমুঙকে ধৰি বিভিন্ন দল–সংগঠনৰ কর্মকর্তাই সদৰী কৰা অনুসৰি বিগত এটা সপ্তাহ ধৰি সন্ধিয়াৰ পাছত ডাম্পিং গ্রাউণ্ডৰ পৰা বতাহৰ সৈতে অহা দুর্গন্ধইবাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে কেইবাখনো গাঁৱৰ বাসিন্দাক৷ আনকি দুর্গন্ধৰ পৰা বাচিবৰ বাবে একাংশ লোকে ঘৰত সুগন্ধি দ্রব্য ব্যৱহাৰ কৰিও সুফল পোৱা নাই৷ যাৰ বাবে অচিন ৰোগত আক্রান্ত হোৱাৰ আশংকাত ভুগিছে বাসিন্দাসকলে৷ উল্লেখ্য যে ২০০৬ চনত পশ্চিম বৰাগাঁৱত পৌৰ নিগমে পূর্বতে স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটো ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নির্দেশ দিছিল৷ কিন্তু পূর্বৰ স্থানৰ কিছু নিলগৰ বেলৰতলত যোৱা ২০২১ চনৰ আগষ্ট মাহত স্থাপন কৰা ডাম্পিং গ্রাউণ্ডটোত পৌৰ নিগমে পুনৰ দৈনিক আঠশৰ পৰা এহেজাৰ টনপর্যন্ত আৱর্জনা, মৃত জীৱ–জন্তু আদি পেলাই আহিছে৷

বিগত সময়ছোৱাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহল, পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাকে ধৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীর্ষ বিষয়া, অভিযন্তা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি গুৱাহাটীক বানমুক্ত কৰা, দীপৰ বিল সংৰক্ষণ কৰাৰ নামত কেইবাবাৰো দীপৰ বিল আৰু বেলৰতলত থকা ডাম্পিং গ্রাউণ্ড চৌহদ পৰিদর্শন কৰি দীপৰ বিল প্রদূষণমুক্ত কৰা আৰু ডাম্পিং গ্রাউণ্ডটোৱে সৃষ্টি কৰা দুর্গন্ধ দূৰ কৰা হ’ববুলি প্রতিশ্রুতি দিছে৷ এই প্রতিশ্রুতি বাস্তৱত যাতে শীঘ্রে ৰূপায়ণ হয়, তাৰ বাবে ৰাইজে অধীৰ আগ্রহেৰে বাট চাই আছে৷ কিয়নো অস্বাস্থ্যকৰ পৰিৱেশত মানুহৰ লগতে জীৱ–জন্তুৰ জীৱনলৈও ভাবুকি আহিছে অঞ্চলটোলৈ৷

You might also like