নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত ২,২০২ জনলৈ বৃদ্ধি পালে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ মিজোৰামত পুনৰ ১৮ টা নতুনকৈ ক’ভিড-১৯ আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। যাৰ পাছতে ৰাজ্যখনত মুঠ ২,২০২ জনলৈ বৃদ্ধি পালে ক’ভিড-১৯ ত আক্ৰান্তৰ ঘটনা।

উল্লেখ্য যে বৰ্তমানো ৰাজ্যখনত ১৫৬ জন লোকে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ইপিনে ৰাজ্যখনত এইপৰ্যন্ত ২,০৪৬ জন লোকে সুস্থ হৈ ঘৰলৈ উভতিছে।

তাৎপৰ্যপূৰ্ণ কথা এয়ে যে পাহাৰীয়া ৰাজ্যখনত এইপৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ কোনো লোকৰে মৃত্যু ঘটা নাই।

You might also like