নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত সংঘাতৰ মাজতে পিএলএৰ চৰম স্পর্ধা: ৫ অৰুণাচলীক অপহৰণ চীনা সেনাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ সীমান্তত বিৰাজ কৰা সংঘাত নিৰসনৰ হকে মস্কোত ভাৰত–চীন উভয় দেশৰ প্রতিৰক্ষা মন্ত্রীয়ে বৈঠকত মিলিত হোৱাৰ দিনটোতে চৰম স্পর্ধা দেখুৱালে ড্রেগন বাহিনীয়ে৷ ভাৰত ভূখণ্ডত অনুপ্রৱেশতেই ক্ষান্ত নাথাকি লাল ফৌজে অপহৰণ কৰি লৈ গ’ল পাঁচজনকৈ অৰুণাচলী যুৱকক৷ গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত সমগ্র দেশতে চাঞ্চল্য সৃষ্টিকাৰী তথা দিল্লীত জোকাৰণি তোলা এই ঘটনাৰ স্থান অৰুণাচল প্রদেশৰ আপাৰ সোণশিৰি জিলাৰ অন্তর্গত ভাৰত–চীন সীমান্তৱর্তী নাছো চক্রৰ ‘ছেৰা–৭’ পেট্র’লিং পইণ্ট৷ আপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপোৰিজোৰ পৰা প্রায় ১২০ কিলোমিটাৰ দূৰত্বৰ নাছো চক্র এলেকাৰ সাতজনকৈ যুৱকে চিকাৰৰ উদ্দেশ্যে ঘন জংঘলত প্রৱেশ কৰে৷

স্থানীয় টাজিন সম্প্রদায়ৰ যুৱকৰ দলটোৱে হয়তো চিকাৰৰ সন্ধানত সীমান্তৰ দিশে আগবাঢ়ি গৈছিল৷ তেতিয়াই তেওঁলোক চীনা সৈন্যবাহিনী পিপলছ লিবাৰেচন আর্মীৰ (পি এল এ) টহলদাৰী দলৰ মুখামুখি হয়৷ পি এল এৰ টহলদাৰী দলে ‘ছেৰা–৭’ পেট্র’লিং পইণ্টত ইয়াৰে পাঁচজন অৰুণাচলী যুৱকক অপহৰণ কৰি লৈ যায়৷ আন দুজনে সুযোগ বুজি কোনোমতে পলাই সাৰে৷ ড্রেগন বাহিনীয়ে অপহৰণ কৰি লৈ যোৱা পাঁচ অৰুণাচলী যুৱকক ইতিমধ্যে টছ ছিংকাম, প্রসাট ৰিংলিং, ড’ংটু ইবিয়া, টনু বাকেৰ আৰু নগ্রু ডিৰি বুলি চিনাক্ত কৰা হৈছে৷ লক্ষণীয়ভাৱে সংবাদ প্রতিষ্ঠান পি টি আয়ে অৰুণাচল প্রদেশ চৰকাৰৰ এজন শীর্ষ বিষয়াৰ উদ্ধৃতিৰে চীনা সৈন্যই চৰম স্পর্ধা প্রদর্শনেৰে পাঁচজনকৈ অৰুণাচলী যুৱকক অপহৰণ কৰাৰ কথা আজি নিশ্চিত কৰিছে৷ তদুপৰি অপহৰণ কাণ্ডটোৰ সত্যতা নিশ্চিত কৰিছে পূব অৰুণাচল প্রদেশ লোকসভা সমষ্টিৰ সাংসদ তাপিৰ গাৱেও৷ লক্ষণীয়ভাৱে চীনা সৈন্যৰ এই ভয়ংকৰ কাণ্ডৰ কথা প্রথমতে ছ’চিয়েল মিডিয়াযোগে প্রথমবাৰৰ বাবে ৰাজহুৱা কৰিছিল অপহৰণৰ বলি হোৱা প্রসাট ৰিংলিঙৰ ভাতৃ প্রকাশ ৰিংলিঙে৷ ফেচবুকত কালি দিয়া এক প’ষ্টত প্রকাশ ৰিংলিঙে তেওঁৰ ভাতৃসহ পাঁচজনকৈ অৰুণাচলী যুৱকক সীমান্তৰ সমীপৱর্তী ‘ছেৰা–৭’ পেট্র’লিং পইণ্টৰ পৰা ড্রেগন বাহিনীয়ে অপহৰণ কৰি নিয়াৰ তথ্য সদৰী কৰে৷

যুৱককেইজনক ওভতাই অনাৰ ক্ষেত্রত প্রকাশ ৰিংলিঙে অৰুণাচল প্রদেশ চৰকাৰ–প্রশাসন আৰু ভাৰতীয় সেনাৰ পৰা সহযোগিতা বিচাৰিছে৷ প্রকাশ ৰিংলিঙৰ এই ফেচবুক প’ষ্টৰ পাছতেই আজি পুৱা ৫.০৮ বজাত এক টুইটযোগে পশ্চিম পাছিঘাট বিধানসভা সমষ্টিৰ কংগ্রেছ বিধায়ক নিনোং ইৰিঙে নিজ ৰাজ্যৰ আপাৰ সোৱণশিৰি জিলাৰ পাঁচজনকৈ লোকক পি এল এই অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ কেইমাহমান পূর্বে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ প্রসংগ উল্লেখ কৰি কংগ্রেছ বিধায়কজনে এইক্ষেত্রত পি এল এক সমুচিত প্রত্যুত্তৰ দিবলৈ আহ্বান জনায়৷ বিধায়ক ইৰিঙৰ এই টুইটৰ পাছতে কার্যতঃ অপহৰণ কাণ্ডটোক লৈ হুৱাদুৱা লাগে৷ ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ মাধ্যমত গুৰুত্বসহকাৰে এই সম্পর্কীয় বাতৰি প্রকাশ পাইছে৷ স্মর্তব্য যে যোৱা মার্চ মাহত মেকমোহন লাইনৰ সমীপৱর্তী আছাপিলা ছেক্টৰৰ পৰা টগ্লে চিনকাম নামৰ এজন ৩১ বছৰীয়া যুৱকক ‘গান পইণ্ট’ত ৰাখি পি এল এই অপহৰণ কৰি নিছিল৷ আন দুজন সংগীয়ে পি এল এৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হৈছিল যদিও চিনকামক ১৯ দিনকৈ বন্দী কৰি ৰখাৰ পাছতহে মোকলাই দিছিল৷ তদুপৰি যোৱা জুন মাহৰ পৰা বিগত সময়ছোৱাত আগ্রাসী চীনা সৈন্যই একাধিকবাৰ ভাৰত ভূখণ্ডত অনুপ্রৱেশ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আনকি ভাৰত–চীন উভয় দেশৰ সেনাবাহিনীৰ টহলদাৰী দলৰ এই সময়ছোৱাত মুখামুখিও হৈছে৷ অৱশ্যে কোনোধৰণৰ ৰক্তক্ষয়ী সংঘাতৰ বাতৰি প্রকাশ পোৱা নাই৷ কালি পুনৰ পাঁচজন যুৱকক ড্রেগন বাহিনীয়ে অপহৰণ কৰি নিয়া সন্দর্ভত সংবাদ মাধ্যমৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰিছে আপাৰ সোৱণশিৰি জিলাৰ আৰক্ষী অধীক্ষক টাৰু গুচ্ছাৰে৷ তেওঁ কয়– ‘মই ইতিমধ্যে ঘটনাৰ সত্যাসত্য নিশ্চিত কৰিবলৈ নাছো আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক নির্দিষ্ট অঞ্চলটোলৈ প্রেৰণ কৰিছোঁ৷ লগতে শীঘ্রে তেওঁক প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷

অৱশ্যে দেওবাৰে পুৱাহে এই সম্পর্কীয় প্রতিবেদন পোৱা যাব৷’ সেইদৰে আপাৰ সোৱণশিৰি জিলাৰ উপায়ুক্ত কাণ্টো ডেনজেনে ছ’চিয়েল মিডিয়াযোগে ঘটনাটোৰ বিষয়ে শুনিবলৈ পোৱা বুলি উল্লেখ কৰি কয়– বর্তমান পর্যন্ত নিৰুদ্দিষ্ট যুৱককেইজনৰ পৰিয়ালৰ তৰফৰ পৰা এই সন্দর্ভত আনুষ্ঠানিক অভিযোগ লাভ কৰা নাই৷ অৱশ্যে এনেধৰণৰ ঘটনা মই নস্যাৎ নকৰোঁ৷ তেওঁ সদৰী কৰা অনুসৰি যি স্থানত ঘটনা সংঘটিত হোৱাৰ কথা কোৱা হৈছে, তালৈ পথ যোগাযোগ ব্যৱস্থা সুচল নহয়৷ খোজকাঢ়ি গ’লে কমেও ১০–১২ দিনৰ বাট৷ তদুপৰি সেই অঞ্চলটোত মানুহৰ জনবসতি অতি কম৷ মই কালিৰ দিনটোত এক চৰকাৰী কার্যসূচীৰে নাছোতেই আছিলোঁ৷ কিন্তু কোনেও অপহৰণ কাণ্ডটোৰ বিষয়ে মোক অৱগত কৰা নাছিল৷ বিয়লিৰ ভাগত ডাপোৰিজোত উপস্থিত হোৱাৰ পাছতহে ছ’চিয়েল মিডিয়াযোগে ঘটনাৰ বিষয়ে অৱগত হৈছিলোঁ৷ ইফালে, চীনা সৈন্যৰ কবলত পৰা যুৱক পাঁচজনৰ পৰিয়ালৰ লোক জিলা সদৰ ডাপোৰিজোত বাস কৰে৷ ইতিমধ্যে তেওঁলোকৰ কিছুসংখ্যক আত্মীয় আজি নাছোলৈ ৰাওনা হৈছে৷ তাত তেওঁলোকে ভাৰতীয় সেনাবাহিনীৰ বিষয়াৰে সমগ্র ঘটনাটোক লৈ আলোচনাত মিলিত হোৱাৰ কথা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা ১৫ জুনত গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘাতৰ পাছত লাডাখ সীমান্তত তীব্র উত্তেজনা অব্যাহত আছে৷ ইয়াৰ প্রভাৱ কৰিছে অৰুণাচল প্রদেশ–ছিকিমসহ চীন সংলগ্ণ সমগ্র ভাৰত সীমান্তত৷ সামৰিক পর্যায়ত একাধিকবাৰ উভয় পক্ষই বৈঠকত মিলিত হোৱাৰ পাছতো উত্তেজনা প্রশমিত হোৱা নাই৷ বৰঞ্চ চীনে আগ্রাসী মনোভাব অব্যাহত ৰাখি সীমান্তত ব্যাপক সমৰসজ্জা গঢ়ি তোলাৰ বাতৰি প্রকাশ পাই আহিছে৷ যিকোনো পৰিস্থিতিত চীনক ৰুধিবলৈ ভাৰতেও সীমান্তত অব্যাহত ৰাখিছে সামৰিক তৎপৰতা৷

অন্যান্য সীমান্তৱর্তী অঞ্চলৰ লগতে অতি শেহতীয়াকৈ অৰুণাচল প্রদেশত অতিৰিক্ত বাহিনী মোতায়েনৰ সমান্তৰালভাৱে অৰুণাচল প্রদেশৰ ৱালং, আলো, টুটিং, পাছিঘাট আৰু বিজয় নগৰত সক্রিয় কৰি তোলা হৈছে এডভান্সড্ লেণ্ডিং গ্রাউণ্ড৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল মস্কোত অনুষ্ঠিত ছাংহাই কো–পাৰেচন অর্গেনাইজেচনৰ বৈঠকৰ মাজতে কালি ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে চীনৰ প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফেংহেৰ সৈতে প্রায় ২ ঘণ্টা ২০ মিনিটজোৰা আলোচনাত মিলিত হৈছিল৷ গুৰুত্বপূর্ণ এই আলোচনাৰ দিনটোতেই ৰঙা চীনৰ সৈন্যবাহিনীয়ে পাঁচ অৰুণাচলী যুৱকক অপহৰণ কৰি নিয়াৰ অভিযোগ দেশৰ প্রতিৰক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ এতিয়া এইক্ষেত্রত ভাৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like