নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ মেচুকাত হঠাৎ অসুস্থ অভিনেতা সঞ্জয় দত্তঃ পুনৰ উৰা মাৰিলে মুম্বাইলৈ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ অৰুণাচলৰ মেচুকাত হঠাৎ অসুস্থ বলীউডৰ অভিনেতা সঞ্জয় দত্ত।পুনৰ ডিব্ৰুগড়লৈ ঘুৰি আহিল তাৰকাজন। মুন্নাভাই অসুস্থ হোৱাত বিশেষ হেলিকপ্টৰৰ জৰিয়তে ঘুৰি আহে মংগলবাৰে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰলৈ। ডিব্ৰুগড়ৰ পৰা যাব নতুন দিল্লী অভিমুখে।

অৰুণাচল প্ৰদেশ ৰাজ্যৰ নামাকৰণৰ সোনালী জয়ন্তী বিশেষ কাৰ্যসূচীত ভাগ লোৱাৰ বাবে সুদূৰ মুম্বাই পৰা আহিছিল বলীউডৰ জনপ্ৰিয় তাৰকা গৰাকী।সোমবাৰে বিশেষ বিমানেৰে আহি মোহনবাৰী বিমানবন্দৰত জিৰণি লৈ দুপৰীয়া উৰা মাৰিছিল মেছুকালৈ।পুনৰ মেছুকাৰ পৰা ১ ডিচেম্বৰত ঘুৰি যোৱাৰ কথা আছিল যদিও অসুস্থ হৈ পৰে সঞ্জয় দত্ত।যাৰ বাবে আজিয়েই ঘূৰি যাব লগা হয় অভিনেতা জন।উল্লেখযোগ্য যে, সঞ্জয় দত্তৰ দুৰাৰোগ্য ৰুগত আক্ৰান্ত হৈ থকা লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।আজি তেওঁৰ ৰক্তচাপ হ্ৰাস পোৱাৰ লগতে মুখমণ্ডলৰ কিছু পৰিবৰ্তন দেখা বুলি স্বাস্থ্য বিভাগৰ দলে জনাইছে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু বাৰেৰহণীয়া জনজাতীয় পৰম্পৰাৰ বহুল প্ৰচাৰৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে বলীউডৰ জনপ্ৰিয় তাৰকাক সময়ে সময়ে ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰি আহিছে। জন আব্ৰাহাম, চলমান খানৰ পাছত এইবাৰ অৰুণাচল প্ৰদেশক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ এইবাৰ নিৰ্বাচিত বলীউডৰ তাৰকা অভিনেতা সঞ্জয় দত্তক। ১৯৭২ চনত পূৰ্বৰ নেফা নাম সলনি কৰি নেফাৰ নতুন নাম দিয়া হৈছিল অৰুণাচল প্ৰদেশ। ২০২২ চনত এই নতুন প্ৰদেশখনে ৫০ বছৰ সম্পূৰ্ণ কৰিব। অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পাছাং দৰ্জী চ’নাৰ অধ্যক্ষতাত “অৰুণাচল প্ৰদেশৰ ৫০ বছৰ” নামেৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি সোমবাৰে অৰুণাচল প্ৰদেশৰ চি-য়মি জিলাৰ চীন সীমান্তৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত মেচুকাত ৰাখিছিল বিশেষ কাৰ্যসূচী।

এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু বিধানসভাৰ অধ্যক্ষ পি ডি চ’নাৰ লগতে মুম্বাইৰ পৰা আহি উপস্থিত আছিল বলীউডৰ অভিনেতা সঞ্জয় দত্ত সহ আন কেইবখজনীয়া দল। দুটা দিনৰ বাবে মেচুকালৈ অহা সঞ্জয় দত্তৰ হঠাৎ অসুস্থ হৈ পৰাত আজি সেনাৰ বিশেষ হেলিকপ্টৰ জৰিয়তে পুনৰ ঘূৰি আহিল অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ।আনহাতে ডিব্ৰুগড়ৰ বিমানবন্দৰতে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত জিৰণি লয়।ইয়াৰ পাছতে উন্নত চিকিৎসা বাবে ৰাওনা হয় নতুন দিল্লী অভিমুখে।

প্ৰেৰকঃ ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা

You might also like