নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬,২৯৭ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশত দৈনিক বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্ত হোৱা লোকৰ সংখ্যা। সোমবাৰে পাহাৰীয়া ৰাজ্যখনত নতুনকৈ ১৭৬ জন লোক ক’ৰোনাত আক্ৰান্ত হয়।

যাৰ পাছতে ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৬,২৯৭ জনলৈ বৃদ্ধি পায়।

ইপিনে কালিৰ দিনটোত ১৫৬ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে। উল্লেখ্য যে বৰ্তমানলৈ অৰুণাচলত ১১ জন লোকে ক’ৰোনাৰ বাবে প্ৰাণ হেৰুৱাইছে।

You might also like