ভাৰত-আফগানিস্তানৰ সৈতে একে সময়তে যুঁজিবলৈ সাজু পাকিস্তান
নিউজ ডেস্ক, ১৪ নৱেম্বৰ : দিল্লী বিস্ফোৰণৰ পিছত সমগ্ৰ ঘটনাক্ৰমৰ পৰিপ্রেক্ষিতত পাকিস্তানৰ প্রতিৰক্ষা মন্ত্রী খোৱাজা আছিফে এতিয়া ভাৰতৰ সৈতে যুঁজিবলৈ সাজু বুলি দম্ভালি মাৰিছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষক দেশখনে নিজৰ দোষ ঢাকিবলৈ বিভিন্ন কূট–কৌশল ৰচনা কৰিছে৷
কেৱল ভাৰতেই নহয়, অর্থনীতিৰ চৰম বিপর্যয়ত থকা দেশখনে একে সময়তে আফগানিস্তানৰ সৈতেও যুঁজিবলৈ সাজু বুলি ঘোষণা কৰিছে৷ দিল্লী বিস্ফোৰণক ভাৰতে সন্ত্রাসবাদীৰ আক্রমণ বুলি ঘোষণা কৰাৰ পিছত থৰকাছুটি হেৰুৱাইছে পাকিস্তানে৷ কিয়নো প্রধানমন্ত্রীয়ে ভাৰতৰ বিৰুদ্ধে হোৱা যিকোনো সন্ত্রাসমূলক কার্যকলাপক যুদ্ধ ঘোষণা কৰা বুলি গণ্য কৰাৰ কথা কৈছিল৷ ইয়াৰ পিছতে পাক প্রতিৰক্ষা মন্ত্রীয়ে কৰা মন্তব্য চৰম উচটনিমূলক বুলি গণ্য কৰা হৈছে৷