নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলচ্চিত্রম্ ফিল্ম ফেষ্টিভেলৰ সামৰণিঃ মণিপুৰৰ ছবিলৈ শ্রেষ্ঠ ছবি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আজিৰ কঠিন সময়ত, সৃষ্টিৰ আকাংক্ষা হয়তো লেহেম হৈ পৰিছিল, কিন্তু ই শেষ হ’ব নোৱাৰে৷ শিল্পীসকলক তেওঁলোকৰ কলা প্রদর্শন কৰাৰ বিকল্প উপায় আগবঢ়োৱাটো কলাৰ পৃষ্ঠপোষকসকলৰ দায়িত্ব৷

যোৱা বছৰ, বিশ্ব সংবাদ কেন্দ্রৰ উদ্যোগত চলচ্চিত্রম্ ৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল৷ আর্টিষ্টিক পৰিচালক ডলটনে কয়, ‘সভ্যতা হয়াৰ ঐতিহ্যৰ জৰিয়তে জনাজাত হয়৷ সেয়েহে, মৃত্যুমুখত পৰা পৰম্পৰাৰ স্মৃতি জীয়াহ ৰখা আৰু পূর্বৰ মহান শিল্পীসকলৰ অৱদান মনত ৰখা আৰু বর্তমানৰ শিল্পীসকলক উৎসাহিত কৰা প্রয়োজন৷

এই বছৰটো মণিপুৰী চলচ্চিত্রৰ সোণালী বর্ষ৷ আমি অৰিবাম শ্যাম শর্মাৰ ‘বিনোদিনীঃ এ ড্রিবিডট’ আৰু ‘হমাগি নিংথেম’, প্রথম মণিপুৰী চিনেমা ‘মাতাংগী মণিপুৰ’ৰ বিষয়ে প্রখ্যাত চলচ্চিত্র পৰিচালক হাওবাম পৱন কুমাৰে নির্মাণ কৰা তথ্যচিত্র আৰু ‘৫০ হয়ের্ছ অৱ মণিপুৰী চিনেমাঃ এ গ্লিম্পছ’ৰ প্রদর্শনৰ জৰিয়তে এহ জয়ন্তী উদযাপন কৰিছো৷ লগতে, ১৩ আগষ্টৰ মৃত্যু বার্ষিকীত নির্মাতা ডঃ ভবেন্দ্র নাথ শইকীয়াৰ সৃষ্টি ‘কোলাহাল’ প্রদর্শিত হৈছিল৷ লগতে আছিল জুৰি সদস্যসকলৰ চলচ্চিত্রৰ এটা সংকলন৷ প্রতিযোগিতাৰ বিজয়ীসকল হ’লঃ গ্রেণ্ড জুৰী বঁটা শ্রেষ্ঠ চলচ্চিত্র ঃ দ্য টেইণ্টেড মিৰ’ৰ (মণিপুৰ)ঃ পৰিচালক ৰোমি মেয়াতি, শ্রেষ্ঠ পৰিচালকঃ জাখাৰী কফিন (ছবি ঃ ডেলিভাৰেন্স), শ্রেষ্ঠ অভিনয় শিল্পীঃ তনথই(পেন্থেৰাগ্লি লিকলাম), জুৰিৰ বিশেষ উল্লেখঃ ছবি ভেট, ‘দ্য হাডছ অৱ হলিডছনছ’ বঁটা শ্রেষ্ঠ চুটি কাহিনী চিত্র ‘দ্য টিণ্টেড মিৰ’ৰ’, ‘দ্য ফিল্ম ক্রিটিকছ চার্কল অৱ ইণ্ডিয়া বঁটা ঃ শ্রেষ্ঠ চিনেমাটোগ্রাফী বিশেষ ডল্লেখ বঁটা ঃ অমোঘ দেশপাণ্ডে (ডেলিভাৰেন্স), শ্রেষ্ঠ শিশুশিল্পীৰ বিশেষ উল্লেখ বঁটা ঃ বি দিশিৰাজ শর্মা (দ্য পেইণ্টেড মিৰ’ৰ)৷ চিনেমাহ সামাজিক পৰিৱর্তন আৰু সমৃদ্ধ ঐতিহ্যত এক শক্তিশালী অনুঘটক হিচাপে কাম কৰিব পাৰে৷ কিন্তু ভাৰতত হ চমকপ্রদ মনোৰঞ্জনত সীমাবদ্ধ৷ ‘চলচ্চিত্রম নেচনেল ফিল্ম ফেষ্টিভেল’ৰ প্রাথমিক উদ্দেশ্য হৈছে পৰম্পৰাগত আৰু আধুনিকতাৰ মাজত দলং নির্মাণ কৰা, চিনেমাক মূলসুঁতিৰ সিপাৰে লৈ গৈ তৃণমূল পর্যায়ত উপনীত হোৱা আৰু বিভিন্ন সংস্কৃতিৰ বাহকসকলক উৎসাহিত কৰা৷

You might also like