নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপঃ ২৪ অক্টোবৰত ভাৰত–পাকিস্তানৰ মুখামুখি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আগন্তুক টি–২০ বিশ্বকাপত ভাৰতৰ প্রথম প্রতিদ্বন্দ্বী হ’ব চিৰবৈৰী পাকিস্তান৷ ২৪ অক্টোবৰত ভাৰতে চুবুৰীয়া ৰাষ্ট্রখনৰ বিৰুদ্ধে খেলি আই চি চিৰ মেগা ইভেণ্টখনত অভিযান আৰম্ভ কৰিব৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউঞ্চিলে মঙলবাৰে সদৰী কৰা টি–২০ বিশ্বকাপৰ সম্পূর্ণ সূচী অনুসৰি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে প্রথমখন আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ৩১ অক্টোবৰত দ্বিতীয়খন মেচ খেলিব৷ গ্রুপ ২ত ভাৰতৰ সৈতে আছে পাকিস্তান, নিউজিলেণ্ড, আফগানিস্তান আৰু দুখন কোৱালিফায়াৰ দেশ৷ ভাৰত ৩ নৱেম্বৰত আবুধাবিত আফগানিস্তানৰ বিৰুদ্ধে পুনৰ খেলপথাৰত নামিব৷ ৫ আৰু ৮ নৱেম্বৰত ডুবাইত ভাৰতে কোৱালিফায়াৰ দল দুটাৰ বিৰুদ্ধে খেলিব৷

ইফালে, অষ্ট্রেলিয়াই ইংলেণ্ড, ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা আৰু আন দুখন কোৱালিফায়াৰ দেশৰ সৈতে গ্রুপ ১ত স্থান পাইছে৷ উল্লেখ্য যে শ্রীলংকা, আয়াৰলেণ্ড, নেডাৰলেণ্ডছ, নামিবিয়া, বাংলাদেশ, স্কটলেণ্ড, পাপুৱা নিউ গিনী আৰু ওমানে দুটা গ্রুপত বিভক্ত হৈ প্রিলিমিনেৰী ৰাউণ্ড খেলিব৷ এই ৰাউণ্ডৰ শীর্ষ দুটা দলে ছুপাৰ ১২ত প্রৱেশ কৰিব৷ ইফালে ১০ নৱেম্বৰত আবুধাবিত প্রথম ছেমিফাইনেল, ১১ নৱেম্বৰত ডুবাইত দ্বিতীয় ছেমিফাইনেল আৰু ১৪ নৱেম্বৰত ডুবাইত ফাইনেল অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে মহামাৰী ক’ভিড ১৯ৰ প্রাদুর্ভাৱৰ বাবে আই চি চি টি–২০ বিশ্বকাপ ভাৰতৰ পৰা ইউনাইটেড আৰব এমিৰেটছ আৰু ওমানলৈ স্থানান্তৰ কৰা হৈছে৷ মেগা ইভেণ্টখনৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচসমূহ ১৭ অক্টোবৰৰ পৰা আৰু ২৩ অক্টোবৰত ছুপাৰ ১২ পর্যায়ৰ মেচসমূহ আৰম্ভ হ’ব৷ ছুপাৰ ১২ৰ প্রথমখন মেচত পৰস্পৰৰ মুখামুখি হ’ব শক্তিশালী অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকা৷ ইয়াৰ এদিন পিছতে বিশ্বৰ অজস্র ক্রিকেট অনুৰাগীৰ উৎকণ্ঠাৰ অন্ত পেলাই খেলপথাৰত নামিব দুই চিৰবৈৰী ভাৰত–পাকিস্তান৷ টি–২০ বিশ্বকাপৰ এয়া হ’ব অন্যতম আকর্ষণীয় মেচ৷

You might also like