অসমত ৰে’লখণ্ডৰ সোণালী সময়, বাজেটত ২০১৪ৰ তুলনাত পাঁচ গুণ বৃদ্ধি ধন আবণ্টন
ভাৰতীয় ৰে’লৱেৰ দ্বাৰা অসমত গঢ়ি তোলা অন্যতম গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন হৈছে কামাখ্যা–হাওৰা ৰেলপথত দেশৰ প্ৰথম ভন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱাৰ আৰম্ভণি। ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় ৰে’লৱেৰ বাজেট আবণ্টনে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক মাইলফলক স্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway)-ৰ অন্তৰ্গত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে অভিলেখসংখ্যক ১১,৪৮৬ কোটি টকা আবণ্টন কৰিছে। এই পৰিমাণ ২০১৪ চনৰ তুলনাত প্ৰায় পাঁচ গুণ অধিক আৰু অঞ্চলটোত অধিক দ্ৰুত, নিৰাপদ তথা ভৱিষ্যৎমুখী ৰে’ল সংযোগ গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমান ৭২,৪৬৮ কোটি টকাৰ ৰে’ল প্ৰকল্পৰ কাম চলি আছে। ৰে’ল নেটৱৰ্ক অধিক বিস্তাৰ কৰাৰ উদ্দেশ্যে নতুন ৰে’লপথৰ বাবে সমীক্ষা চলাই থকা হৈছে। লগতে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু পৰ্যন্ত (৬৯ কিলোমিটাৰ) ৰে’ল সংযোগ স্থাপনৰ পৰিকল্পনাও কৰা হৈছে।
মণিপুৰত বন্ধ হৈ থকা ৰে’ল প্ৰকল্পসমূহ পুনৰ আৰম্ভ হৈছে আৰু ছিকিম আৰু নাগালেণ্ডতো ৰে’লপথৰ কাম দ্ৰুতগতিত আগবাঢ়িছে, যাৰ ফলত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ উল্লেখযোগ্যভাৱে উন্নত হৈছে।
অসমৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন হিচাপে এই বছৰৰ ১৭ জানুৱাৰীত কামাখ্যা–হাওৰা পথত দেশৰ প্ৰথম বন্দে ভাৰত শ্লীপাৰ ৰে’ল সেৱা আৰম্ভ কৰা হয়, যাৰ জৰিয়তে অসম আৰু পশ্চিমবংগৰ মাজত দ্ৰুত সংযোগ স্থাপন হৈছে।
ইয়াৰ পৰৱৰ্তী দিনাই আন এক গৌৰৱৰ মুহূৰ্ত আহে, যেতিয়া অসমত প্ৰথমবাৰৰ বাবে অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল সেৱা গুৱাহাটী (কামাখ্যা)–ৰোহটক আৰু ডিব্ৰুগড়–লক্ষ্ণৌ (গোমতী নগৰ) পথত আৰম্ভ কৰা হয়।
উভয় ৰে’ল সেৱাৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰে, যাৰ ফলত অসম, পশ্চিমবংগ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজত দীঘলীয়া দূৰত্বৰ ৰে’ল সংযোগ অধিক শক্তিশালী হৈছে।
ইয়াৰ উপৰি বাৰাণসী–শিলিগুৰি (পাটনা হৈ) বুলেট ৰে’ল কৰিড’ৰৰ প্ৰস্তাৱ দিয়া হৈছে আৰু ভৱিষ্যতে এই কৰিড’ৰ গুৱাহাটীলৈ বিস্তাৰ কৰাৰ পৰিকল্পনা আছে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উচ্চ-গতিসম্পন্ন ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হ’ব।
NF Railway-ৰ অধীনত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল নেটৱৰ্ক বিস্তাৰ আৰু বিদ্যুতীকৰণৰ কাম তীব্ৰ গতিত চলি আছে। ২০১৪ চনৰ পৰা বৰ্তমানলৈ প্ৰায় ১,৯০০ কিলোমিটাৰ নতুন ৰে’লপথ স্থাপন কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ পাঁচখন ৰাজ্য সম্পূৰ্ণৰূপে বিদ্যুতীকৃত হৈছে আৰু অসমত ৯৮ শতাংশ বিদ্যুতীকৰণ সম্পন্ন হৈছে। সমগ্ৰ অঞ্চলত মুঠ ২,৮৩৯ কিলোমিটাৰ ৰে’লপথ বিদ্যুতীকৰণ কৰা হৈছে।
ইয়াৰ উপৰি ৫০২খন ফ্লাইঅ’ভাৰ আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰা হৈছে। ১,১৯৭ কিলোমিটাৰ ৰে’লপথত কৱচ সুৰক্ষা ব্যৱস্থা অনুমোদন কৰা হৈছে, যাৰ ভিতৰত ২৩৫ কিলোমিটাৰ অংশত কাম চলি আছে।
প্ৰযুক্তি আৰু সুৰক্ষা ৰে’লৱেৰ মুখ্য অগ্ৰাধিকাৰ হৈ আছে। ৰে’লপথত হাতীৰ মৃত্যু ৰোধ কৰিবলৈ AI-ভিত্তিক কেমেৰা ব্যৱস্থা স্থাপন কৰা হৈছে আৰু অধিক স্মাৰ্ট অপাৰেশ্যনৰ বাবে Intrusion Detection System (IDS) শক্তিশালী কৰা হৈছে।
২০১৪ চনৰ তুলনাত বিনিয়োগ পাঁচ গুণ বৃদ্ধি পোৱাৰ ফলত ভাৰতীয় ৰে’লৱেয়ে অন্তৰ্ভুক্তিমূলক বিকাশক গতি দিছে, বাণিজ্য আৰু পৰ্যটন বৃদ্ধি কৰিছে আৰু অসম, উত্তৰ-পূৰ্বাঞ্চল তথা দেশজুৰি ৰে’ল উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিছে।
ডিজিটেল ডেস্ক, ৩ ফেব্ৰুৱাৰী