নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ কোটি ঘোচ লৈ গ্রেপ্তাৰ হ’ল মালিগাঁৱৰ মুখ্য কার্যালয়ৰ শীর্ষ বিষয়া

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ  উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নির্মাণ প্রকল্পৰ ঠিকা আবণ্টনৰ নামত কোটি টকা উৎকোচ লোৱাৰ অভিযোগত চি বি আইৰ এটা দলে  ভাৰতীয় ৰে’ল অভিযান্ত্রিক সেৱাৰ (আই আৰ ই এছ) এজন জ্যেষ্ঠ বিষয়াক গ্রেপ্তাৰ কৰে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ মালিগাঁওস্থিত মুখ্য কার্যালয়ত চি বি আইৰ এটা দলে অতর্কিতে অভিযান চলাই আই আৰ ই এছ বিষয়াজনক গ্রেপ্তাৰ কৰে৷ ধৃত জ্যেষ্ঠ বিষয়াজন হ’ল বিহাৰৰ মহেন্দৰ সিং চৌহান৷

চি বি আইৰ এক সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ১৯৮৫ বেটছৰ আই আৰ ই এছ বিষয়া মহেন্দৰ চৌহানে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ নির্মাণ প্রকল্পৰ ঠিকা আবণ্টন দিয়াৰ বাবদ ঠিকাদাৰৰ পৰা ১ কোটি টকা উৎকোচ লয়৷ এই সন্দর্ভত অভিযোগ লাভ কৰাৰ পাছতে চি বি আইৰ এটা দলে আজি মালিগাঁওস্থিত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য কার্যালয়ত অভিযান চলাই ঘোচখোৰ আই আৰ ই এছ বিষয়া মহেন্দৰ সিং চৌহানক গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে চি বি আইৰ অভিযানকাৰী দলটোৱে মহেন্দৰ সিং চৌহানে লোৱা ১ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ চি বি আইৰ দলে  এই সংক্রান্তত মালিগাঁৱত থকা মহেন্দৰ সিং চৌহানৰ কার্যালয় কক্ষ, ৰে’ল বিভাগৰ আৱাসকে ধৰি দেশৰ মুঠ ২০টা স্থানত অভিযান চলায়৷

You might also like