নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত দুদিনত ২.২৪ লাখক টিকাকৰণ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ দেশজুৰি ক’ভিড ভেকচিন প্রদানৰ প্রথমটো দিনৰ বাবে পঞ্জীয়নভুক্ত সকলো ব্যক্তিয়ে গণ টিকাকৰণত অংশগ্রহণ নকৰিলেও এই ঘাতক মহামাৰীৰ বিৰুদ্ধে শেষ যুদ্ধৰ আৰম্ভণি সামগ্রিকভাৱে যথেষ্ট সন্তোষজনক হিচাপে প্রশংসিত হৈছে৷ বিশ্বৰ আগশাৰীৰ দেশসমূহে ভাৰতৰ এই প্রয়াসক আদৰণি জনাইছে৷ প্রথম দিনা ১,৯১,১৮১জন পঞ্জীয়নভুক্ত লোকে ক’ভিড ভেকচিনৰ প্রথমটো ড’জ লয়৷ সর্বাধিক ভেকচিন লোৱা উত্তৰ প্রদেশত ২১,২৯১জন পঞ্জীয়নভুক্ত লোকে গণ টিকাকৰণত অংশগ্রহণ কৰে৷ ভেকচিন লোৱা আগশাৰীৰ চিকিৎসকসকলে গণ টিকাকৰণ অভিযানক শেষ যুদ্ধৰ আৰম্ভণি বুলি অভিহিত কৰি ক’ৰোনা ভাইৰাছৰ পৰা পর্যায়ক্রমে দেশ মুক্ত হ’ব বুলি আশা প্রকাশ কৰে৷

বিশ্বৰ ভিতৰতে সর্ববৃহৎ ভেকচিন প্রদান অভিযানৰ আৰম্ভণিতেই আহিছে আন এক সুখবৰ৷ নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা শনিবাৰে এজনো বৃদ্ধি পোৱা নাই বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে নিশ্চিত কৰিছে৷ নতুন দিল্লীতো নতুন ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা অপৰিৱর্তিত হৈ আছে৷ অৱশ্যে দেওবাৰে ১৫,১৪৪জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ ইয়াৰ লগে লগে দেশত এইপর্যন্ত ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা এক কোটি চাৰে পাঁচ লাখ অতিক্রম কৰিলে৷ ইয়াৰ বিপৰীতে বর্তমান সক্রিয় হৈ থকা আক্রান্ত লোকৰ সংখ্যা ২,০৮,৮২৬জনলৈ হ্রাস পাইছে৷ প্রথমবাৰৰ বাবে সক্রিয় আক্রান্তৰ হাৰ হ্রাস পাইছে ২ শতাংশৰ তললৈ৷

You might also like