নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ খাৰখুটাৰ বলমেদাঙত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৫ মহিলা নিহত

  • নিৰ্বাচনী সভালৈ টি এম চি’ৰ সমৰ্থক কঢ়িয়াই নিয়া পিকআপ দুৰ্ঘটনাগ্ৰস্ত
  • ঘটনাস্থলীত উপস্থিত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ মোমল মোমিন 
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ সমাগত মেঘালয় বিধান সভাৰ প্ৰচাৰ তুংগত উঠা সময়তে  নিৰ্বাচনী সভালৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হয় মেঘালয়ৰ খাৰখুটাত l  অসম-মেঘালয় সীমান্তৰ খাৰখুটাৰ বলমেদাঙত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ গৰাকী মহিলা থিতাতে নিহত হোৱাৰ বিপৰীতে এগৰাকী মহিলাৰ চিকিৎসালয়ত মৃত্যু ঘটে  ! ভয়ংকৰ দুৰ্ঘটনাটোত নিহতৰ সংখ্যা ৫  জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে প্ৰায় ২৫ গৰাকী লোক গুৰুতৰ ভাবে আহত হয় ! আহত সকলক মেঘালয়ৰ খাৰখুটা,  ওৱাকাচি আৰু ডাইনাডুবী চিকৎসালয়ত ভৰ্তি কৰাৰ উপৰিও গোৱালপাৰা অসামৰিক চিকৎসালয়লৈ প্ৰেৰণ কৰে I ইয়াৰে অতি সংকটজনক ভাবে কেইবাজনকো গুৱাহাটীলৈয়ো প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে l

 

উল্লেখ্য যে মেঘালয় বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা সময়তে নিৰ্বাচনী সভালৈ গৈ থকা অৱস্থাত পিকআপ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ দাতিত খুন্দিয়াই পথৰ মাজতে বাগৰি পৰে I জানিব পৰা মতে আজি মেঘালয় বিধান সভাৰ খাৰখুটা সমষ্টিৰ তৃণমুল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী চিৰাক ডব্লিউ মোমিনৰ (Chirak W Momin ) এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিবলৈ মহেন্দ্ৰ পিকআপত উঠি আদকগিৰিলৈ গৈ আছিল তৃণমুল কংগ্ৰেছৰ সমৰ্থক সকল l খাৰখুটা থানাৰ অন্তৰ্গত ৰংমাটচু গাঁৱৰ পৰা টি এম চি সমৰ্থক সকলক লৈ আদকগিৰি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা নিৰ্বাচনী সমাবেশলৈ গৈ আছিল পিকআপ বাহন খন l নিহত সকল  মেৰিনা চাংমা, চাবিনা মাৰাক, ককিলা মোমিন, টেছা চাংমা বুলি চিনাক্ত কৰাৰ বিপৰীতে ডাইনাডুবী চিকিৎসালয়ত  নিহত হোৱা মহিলা গৰাকীৰ পৰিচয় জানিব পৰা নাই  I  দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে সম্প্ৰতি মেঘালয় নিৰ্বাচনত বি জে পি দলৰ হৈ প্ৰচাৰ চলাই থকা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় l ঘটনাৰ খবৰ পোৱাৰ পিছতে ইষ্ট গাৰো হিলচ্ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষককে ধৰি খাৰখুটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ সমূহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰে l উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱা পিকআপ বাহন খনৰ পঞ্জীয়ন নম্বৰ – এ এছ ০১ এ চি ০৫০৭ ( AS 01-AC 0507) বুলি জনা গৈছে l
You might also like