নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CRPF জোৱান গুণীন দাসৰ ছত্তীশগড়ত আত্মহনন: শোকাকুল পৰিবেশত অঞ্চলীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ বাক্সাৰ অঞ্চলী নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক তৰণী দাসৰ কনিষ্ঠ পুত্ৰ গুণীন দাসে (২৩) ছত্তীশগড়ত চি আৰ পি এফৰ জোৱান হিচাপে কৰ্মৰত অৱস্থাতে যোৱা ১৮ ফেব্ৰুৱাৰীৰ নিশা ৯.১৭ বজাত চাৰ্ভিছ আগ্নেয়াস্ত্ৰৰে মূৰত গুলীয়াই আত্মহনন কৰে। প্ৰাপ্ত বাতৰি মতে যোৱা বৃহস্পতিবাৰে ১৫ দিনৰ ছুটি শেষ কৰি জোৱান গুণীন দাসে ছত্তীশগড়ত গৈ কৰ্তব্যত যোগদান কৰিছিল। আত্মহত্যাৰ কাৰণ সম্পৰ্কে সঠিক একো জানিব পৰা হোৱা নাই ।২০১৩ চনৰ  এপ্ৰিলত চাকৰিত যোগদান কৰা চি আৰ পি এফৰ জোৱানজনৰ চলিত বৰ্ষৰ এপ্ৰিলত চাকৰি কাল দহ বছৰ সম্পূৰ্ণ হ’লহেঁতেন।  আজি (২০ ফেব্ৰুৱাৰী) পুৱতি নিশা প্ৰায় ৩:৩০ বজাত জোৱানজনৰ শৱদেহ  অঞ্চলীৰ নিজ গৃহ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । সম্পূৰ্ণ সামৰিক মৰ্যদাৰে  অঞ্চলীৰ ৰাজহুৱা শ্মশানত আজি জোৱানজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। আত্মহনন পথ বাচি লোৱা  জোৱান জনৰ অন্তিম সংস্কাৰত হাউলীস্থিত চি আৰ পি এফৰ দশম বেটেলিয়নৰ কমাণ্ডেণ্ট , শিমলা থানাৰ অচি আৰু চি আৰ পি এফৰ ডি আই জি তথা স্থানীয় ৰাইজ উপস্থিত থাকে । মৃত্যুৰ সময়ত পিতৃ ,ভাতৃ, ভগ্নী , বৌ, ভতিজা , আত্মীয় – স্বজন তথা অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি যায় ।

 

প্ৰেৰকঃ  দিগন্ত দাস

You might also like