নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাৰ নৱনিৰ্মীত আৰক্ষী থানাৰ আজি শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২০ ফ্ৰেব্ৰুৱাৰী: গুৰুজনাৰ পৱিত্ৰ  জন্মস্থান বটদ্ৰৱাত নৱনিৰ্মীত আৰক্ষী থানাৰ আজি শুভ উন্মোচন কৰে অসম আৰক্ষীৰ IGP দেৱজিৎ মুখাৰ্জীয়ে৷ দেৱজিৎ মুখাৰ্জীৰ লগত উপস্থিত থাকে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে৷ বটদ্ৰৱাৰ নৱনিৰ্মীত থানাখন শুভ উদ্বোধন কৰি আই জি পি দেৱজিৎ মুখাৰ্জীয়ে কয়, ১৯৬৬ চনৰ জুলাই মাহতে আৰম্ভ হোৱা এই থানাই প্ৰতিষ্ঠা লাভ কৰে ১৯৮৬ চনৰ পহিলা জানুৱাৰীত৷ এই থানাখনক আটকধুনীয়াকৈ সজাই ইতিমধ্যেই গৃহ বিভাগে পদোন্নতি কৰি থানাখনত inspector O/C নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে৷ কেৱল সেয়াই নহয় থানালৈ অহা অভিযোগকাৰীৰ বাবেও সুব্যৱস্থা কৰা হৈছে৷ সেয়ে অপৰাধ আৰু দুৰ্নীতি মুক্ত কৰি অঞ্চলটোত সকলোৱে শান্তি সম্প্ৰিতীৰে বসবাস কৰি থাকিবৰ বাবে আৰক্ষীৰ লগত স্থানীয় জনতাক সহযোগীতা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানটোত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত উপসভাপতি দেৱানন্দ দেৱ গোস্বামী বটদ্ৰৱা গাওঁৰক্ষী বাহিনীৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা ধিং ৰাজহ চক্ৰ বিষয়া বিলিভীয়া চৌধুৰী বটদ্ৰৱা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক অসীম বৰা প্ৰমুখ্যে গাওঁৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল আৰু স্থানীয় কেইবা শতাধিক ৰাইজো উপস্থিত থাকে।

 

কন্দৰ্প কুমাৰ কলিতা
You might also like