নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

  মেঘালয়ত ১৪ জুনলৈকে লকডাউনৰ সময়সীমা বৃদ্ধি

নিয়মীয়া বাৰ্তা ৫ জুনঃ মেঘালয়ত ক’ভিড-১৯ৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে পূৰ্বৰ ৭ জুনৰ পৰিৱৰ্তে ১৪ জুনলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

ৰাজ্যখনৰ স্বাস্থ্যবিভাগে জনোৱা মতে ৰাজ্যখনত এতিয়াও দৈনিক ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে আৰু গ্ৰাম্য অঞ্চলত ইয়াৰ যথেষ্ট বিস্তাৰ হৈছে।

এক নিৰ্দেশনাত কোৱা হৈছে যে “ৰাজ্যত ক’ভিড-১৯ ৰ সংখ্যা হ্ৰাস কৰাৰ বাবে, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ৭ জুনৰ পৰা নতুন প্ৰতিৰোধ ব্যৱস্থা বলবৎ কৰা হ’ব। সমগ্ৰ ৰাজ্যত ৭ জুনৰ পুৱা ৫ বজাৰ পৰা ১৪ জুনৰ পুৱা ৫ বজালৈ লকডাউন বলবৎ কৰা হ’ব।”

উল্লেখ্য যে ইয়াৰ পূৰ্বে, মেঘালয় চৰকাৰে কেৱল পূব খাচী পাহাৰ জিলাত ৭ জুনলৈকে লকডাউন আৰোপ কৰিছিল।

You might also like