নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব পৰিৱেশ দিৱসত ৰ’লাৰ স্কেটিং এছ’চিয়েছনৰ বৃক্ষৰোপন

নিয়মীয়া বাৰ্তা ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস। ৫ জুন তাৰিখে প্রতি বছৰে সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে।

আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰ’লাৰ স্কেটিং এছ’চিয়েছন অসমৰ দ্বাৰা পুৱাই স্কেটাৰসকলৰ দ্বাৰা বৃক্ষৰোপন কৰা হয়।

এই অনুষ্ঠানটোৰ শুভ আৰম্ভণি কৰে অসম পশুধন নিগমৰ অধক্ষ তথা এছ’চিয়েছনৰ সভাপতি মনোজ শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণি কৰি সভাপতি মনোজ শইকীয়াই উপস্থিত থকা স্কেটাৰসকলক বৃক্ষৰোপনৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতাৰ বিষয়ে অৱগত কৰে।

লগতে প্ৰতিজন স্কেটাৰকে একোটাকৈ গছপুলি ৰোপণ কৰিবলৈ দিয়াৰ লগতে পৰৱৰ্তী সময়ত গছপুলিটো প্ৰতিপাল কৰাৰ দায়িত্ব দিয়ে এছ’চিয়েছন সাধাৰণ সম্পাদক গৌতম বৰুৱাই।

You might also like