নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’টিঙৰ গুলীচালনাৰ ঘটনাৰ তদন্তৰ দায়িত্ব এছআইটিক

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৱর্তী মন জিলাৰ অ’টিং নামৰ গাঁওখনত নিৰাপত্তা বাহিনীৰ নির্বিচাৰ গুলীচালনাত ১৫জন শ্রমিক নিহত হোৱাৰ ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত ৰাজস্থানৰ জয়ছালমেৰত সীমা সুৰক্ষা বাহিনীৰ (বি এছ এফ) ৫৭সংখ্যক প্রতিষ্ঠা দিৱসত উপস্থিত থকা গৃহমন্ত্রী অমিত শ্বাহে ছ’চিলেয় মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে যে এনে দুর্ভাগ্যজনক ঘটনাৰ বাবে তেওঁ অতি মর্মাহত৷ এই ঘটনা সন্দর্ভত শোক প্রকাশ কৰি প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনাও জ্ঞাপন কৰিছে গৃহমন্ত্রী অমিত শ্বাহে৷

লক্ষণীয়ভাৱে অ’টিঙত অসামৰিক লোকক গুলীয়াই হত্যা কৰা ঘটনাটো গৰিহণাৰ যোগ্য বুলি অভিহিত কৰি নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই উচ্চ পর্যায়ৰ বিশেষ তদন্তকাৰী দলৰ (এছ আই টি) জৰিয়তে ইয়াৰ তদন্ত কৰা হ’ব বুলিও ঘোষণা কৰিছে৷ এই ঘটনাত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে আহত লোকসকলৰ আশু আৰোগ্যও কামনা কৰে৷ চাঞ্চল্যকৰ এই গুলীচালনাৰ ঘটনাৰ সময়ত দিল্লীতে আছিল মুখ্যমন্ত্রী ৰি’৷ দেওবাৰে বিয়লিৰ ভাগত ৰি’ই নাগালেণ্ডলৈ উভতি আহি কহিমাত জৰুৰী কেবিনেট বৈঠকৰ আয়োজন কৰে বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷

স্মর্তব্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ৰাজ্য চৰকাৰৰ এছ আই টিয়ে এই দুর্ভাগ্যজনক ঘটনাৰ তদন্ত কৰিব বুলি সংবাদ মাধ্যমক জনাইছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ৰিঅ’ৰ উপৰি অন্য কেইবাগৰাকীও ৰাজনীতিকে অ’টিঙৰ ঘটনাক লৈ প্রতিক্রিয়া প্রকাশ কৰাৰ উপৰি ইয়াৰ উচিত তদন্ত দাবী কৰিছে৷

You might also like