নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডোনেছিয়াত মাউণ্ট ছেমেৰুৰ উদ্গীৰণ: ১৩জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হৈছে ইণ্ডোনেছিয়া৷ দেশখনৰ জাভা দ্বীপৰ মাউণ্ট ছেমেৰু আগ্নেয়গিৰিৰ উদ্গীৰণৰ ফলত কমপক্ষেও ১৩গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰি অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ সমগ্র দ্বীপটোত সৃষ্টি হৈছে আতংকৰ৷ দ্রুত উদ্ধাৰ কার্য আৰম্ভ কৰিছে ইণ্ডোনেছিয়াৰ দুর্যোগ ব্যৱস্থাপনা বাহিনীয়ে৷ কালি দুপৰীয়াৰ পৰাই সদাসুপ্ত মাউণ্ট ছেমেৰুৱে লাভ কৰে জাগ্রত অৱস্থা৷ জাভা দ্বীপৰ দীর্ঘতম আগ্নেয়গিৰি হৈছে মাউণ্ট ছেমেৰু৷ দুপৰীয়া আগ্নেয়গিৰিৰ মুখৰ পৰা বিপুল হাৰত নির্গত হয় ধোঁৱা৷ আকাশত ধোঁৱাৰ কুণ্ডলী দেখাৰ লগে লগে পলায়ন কৰিবলৈ ধৰে স্থানীয় বাসিন্দাসকলে৷ ইয়াৰ পিছতে নিশাটো আগ্নেয়গিৰিৰ মুখেৰে নির্গত হয় লাভা আৰু ছাই৷ আকাশজুৰি ভয়াৱহ ছাইঘন মেঘৰ কুণ্ডলীৰ পিছতে অস্থিৰতাই দেখা দিয়ে সমগ্র অঞ্চলটোত৷ আজি পুৱাৰ ভাগলৈ ছাই আৰু লাভাই পুতি পেলায় অঞ্চলটোৰ বহু বাসস্থান৷ এতিয়ালৈকে এই আগ্নেয়গিৰিৰ ফলত ১৩গৰাকী লোকৰ প্রাণহানি হোৱা বুলি নিশ্চিত কৰিছে স্থানীয় প্রশাসনে৷ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷ লক্ষণীয়ভাৱে আগ্নেয়গিৰিৰ লাভাত শৰীৰ দগ্ধ হোৱা বহু লোকে হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে৷

You might also like