নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰীৰ এসপ্তাহৰ কোৱাৰেণ্টাইন বাধ্যতা

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ: দক্ষিণ আফ্রিকা, বটছুৱানা, ঘানা, হংকং, হংলেণ্ড, হটালীসহ হউৰোপীয় দেশসমূহ, হজৰাইল, জার্মানী, কানাডা, পর্তুগাল আদিকে ধৰি বিশ্বৰ প্রায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত সংক্রমণ ধৰা পৰা ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ ভাৰততো উপস্থিতি ধৰা পৰাৰ পৰিপ্রেক্ষিতত অসমত ক’ভিড সম্পর্কীয় এক নতুন মানক সঞ্চালন প্রক্রিয়া (এছ অ’ পি) দেওবাৰে জাৰি কৰিছে ৰাজ্য চৰকাৰে৷

ভাৰত চৰকাৰৰ অমিক্রন সম্পর্কীয় শেহতীয়া প্রট’কলৰ আধাৰত অসমলৈ প্রৱেশ কৰা আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰীৰ ক্ষেত্রত প্রযোজ্য হ’ব লগা নিয়মাৱলী সুনির্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং এছ অ’ পি প্রকাশ কৰিছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কালি এই কথা প্রকাশ কৰে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, অমিক্রন সম্পর্কীয় এহ এছ অ’ পি অনুসৰি বিদেশ ভ্রমণ কৰি অহা যাত্রী তথা আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰীয়ে ৰাজ্যৰ বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও  নূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷

আনহাতে, ক’ভিড পজিটিভ ওলালে নির্দিষ্ট প্রট’কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্রীৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হ’ব৷ বিমানবন্দৰত অৱতৰণৰ পাছতে বিদেশ ভ্রমণ কৰি অহা বা আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰী সকলো যাত্রীৰে ক’ভিডৰ আৰ টি পি চি আৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে৷ বিমানবন্দৰত এই ক’ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্রমণকাৰীক ৰেহাই দিয়া হ’ব৷ অৱশ্যে এনে শিশু যাত্রীৰ শৰীৰত ক’ভিডৰ লক্ষণ পৰিলক্ষিত হ’লে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হ’ব৷ বিদেশ ভ্রমণ কৰি অহা যাত্রী তথা আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰী প্রধানকৈ বিমানবন্দৰেৰে অহাৰেহ অধিক সম্ভাৱনা থকাৰ প্রতি লক্ষ্য ৰাখি বিমানবন্দৰ থকা ৰাজ্যখনৰ প্রতিখন জিলা প্রশাসনক এনে যাত্রীক বিমানবন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও এছ অ’ পিৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে বুলিও স্বাস্থ্যমন্ত্রী মহন্তহ সদৰী কৰে৷

ৰাজ্যত অমিক্রনৰ সংক্রমণ প্রতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন এছ অ’ পিখনৰ কেতবোৰ গুৰুত্বপূর্ণ দিশ হৈছে– অসম অভিমুখী বা অসমৰ পৰা যোৱা প্রতিগৰাকী বিমানযাত্রী তথা আন্তঃৰাষ্ট্রীয় ভ্রমণকাৰীয়ে বিমানযাত্রাৰ পূর্বেহ বিগত ১৪ দিনৰ বিদেশ ভ্রমণ বৃত্তান্তসহ ‘এয়াৰ সুবিধা’ প’র্টেলত স্বঘোষণা–পত্র দাখিল কৰাৰ লগতে ভ্রমণৰ পূর্বৰ ৭২ ঘণ্টাৰ ভিতৰত কৰা ক’ভিড আৰ টি পি চি আৰ পৰীক্ষাৰ নিগেটিভ ৰিপ’ট আপলোড কৰিব লাগিব৷ তদুপৰি আৰ টি পি চি আৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্বঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব৷ তদুপৰি বিমানত উঠাৰ পূর্বেহ এয়াৰ সুবিধা প’র্টেলৰ জৰিয়তে বা এয়াৰলাহন্স কর্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ক বিমানযাত্রীয়ে ক’ভিড সন্দর্ভত গৃহ বা প্রতিষ্ঠানিক কোৱাৰেণ্টাইনত থাকিবলৈ চৰকাৰী কর্তৃপক্ষহ দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাহ স্বঘোষণা দাখিল কৰিব লাগিব৷ হতিমধ্যে অমিক্রনৰ সংক্রমণ ঘটা দেশসমূহৰ পৰা অহা যাত্রীৰ ক্ষেত্রত বিমানবন্দৰত অধিক কঠোৰ সতর্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্রট’কল অনুসৰণ কৰা হ’ব বুলি এছ অ’ পিত উল্লেখ কৰা হৈছে৷ বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্রীয়ে নমুনা প্রদান কৰিব লাগিব৷ সেইদৰে বিমানবন্দৰত অৱতৰণৰ পাছত নূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্রট’কল মানি যাত্রীয়ে বিমানৰ পৰা নামিব লাগিব৷

You might also like