নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একে স্থানত দীর্ঘ সময় থকা বিষয়াক বদলি–অস্ত্র জব্দৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ  বিধানসভা নির্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ থকাৰ সময়তে সোমবাৰে তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ল দেশৰ মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বাধীন নির্বাচন আয়োগৰ এটা দল৷ আজি পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা আয়োগৰ দলটোৱে সন্ধিয়াৰ ভাগত মহানগৰীৰ ৰেডিছন ব্লু হোটেলত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰে৷ ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালকপ্রধান আৰু মুখ্য নির্বাচন বিষয়াৰ লগতে কেইবাজনো ৰাজ্য প্রশাসনৰ শীর্ষ বিষয়া উপস্থিত থকা বৈঠকখনত আগন্তুক বিধানসভা নির্বাচন সন্দর্ভত বিভিন্ন দিশ আলোচনা কৰে৷

এক সূত্রই প্রকাশ কৰা মতে, বিধানসভা নির্বাচনক লৈ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিৰ লগতে কেইটা পর্যায়ত নির্বাচন অনুষ্ঠিত হ’ব এই সম্পর্কে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানৰ পৰা তথ্য সংগ্রহ কৰে৷ মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ লগতে আন দুগৰাকী আয়ুক্ত ক্রমে সুশীল চন্দ্রা আৰু ৰাজীৱ কুমাৰেও নির্বাচন সন্দর্ভত ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকলৰ পৰা বিভিন্ন বিষয়ত যাৱতীয় প্রতিবেদন সংগ্রহ কৰে৷ এই বৈঠকতে মুখ্য নির্বাচন আয়ুক্তই ৰাজ্যৰ বিভিন্ন পদত একে স্থানতে দীর্ঘসময় কার্যনির্বাহ কৰা বিষয়াসকলক বদলি কৰাৰ বাবেও আজি ৰাজ্য চৰকাৰক নির্দেশ দিয়ে৷

আনহাতে, নির্বাচনৰ পূর্বেই ৰাজ্যত থকা অবৈধ অস্ত্র শীঘ্রেই জব্দ কৰাৰ বাবে আৰক্ষী সঞ্চালকপ্রধানক নির্দেশ দিয়ে৷ এই বৈঠকতে অসমত বিধানসভা নির্বাচন কেইটা পর্যায়ত অনুষ্ঠিত হ’ব তাক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া পৰামর্শৱলীও আলোচনা কৰা হয়৷ আনহাতে, মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালকপ্রধানেও নির্বাচনৰ বাবে ৰাজ্যত অতিৰিক্ত সুৰক্ষা বাহিনীৰ প্রয়োজনীয়তাৰ কথাও মুখ্য নির্বাচন আয়ুক্তগৰাকীক অৱগত কৰে৷ উল্লেখ্য যে আজি ৰাজ্য প্রশাসনৰ শীর্ষ বিষয়াৰ সৈতে এই বৈঠকৰ পাছত কাইলৈ আয়োগৰ দলটোৱে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে আন এক বৈঠকত বহিব৷

আনহাতে, বুধবাৰে দুপৰীয়া এখন সংবাদ মেল সম্বোধন কৰি নির্বাচন অনুষ্ঠিত কৰাৰ বিভিন্ন দিশসমূহ সদৰী কৰিব নির্বাচন আয়ুক্তৰ দলটোৱে৷ আজি গুৱাহাটীত উপস্থিত হোৱা মুখ্য নির্বাচন আয়ুক্তৰ নেতৃত্বত অহা দলটোত আছে উপ–নির্বাচন আয়ুক্ত চন্দ্র ভূষণ কুমাৰ, অতিৰিক্ত সঞ্চালকপ্রধান ছেফাইল বি চাৰণ, জ্যেষ্ঠ প্রধান সচিব নৰেন্দ্র মোদী এন বুট’লিয়া, সঞ্চালক (ব্যয়) পংকজ শ্রীবাস্তৱ আৰু ইভিএম পৰামর্শদাতা বিপিন কাটাৰ৷ কালিৰ আলোচনাকালত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া নীতিন খাৰেক নির্বাচনৰ বাবে ভোটকেন্দ্র বৃদ্ধি সন্দর্ভত বিভিন্ন পৰামর্শ আগবঢ়ায়৷ এই বৈঠকতে দুর্গম অঞ্চলত ভোটকেন্দ্র স্থাপন তথা নির্বাচনী বিষয়া প্রেৰণ বিষয়টো সন্দর্ভত আজি বিভিন্ন দিশ আলোচনা হয়৷

You might also like