নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা খনিত আবদ্ধঃ মেঘালয়ত অসমৰ ৪ শ্রমিকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ১ জুনঃ ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞা সত্ত্বেও অবৈধ কয়লা খননৰ পৰিণতিত মেঘালয়ৰ ঘন জংঘলত সংঘটিত হ’ল আন এক ‘ৰেট–হোল মাইনিং’ ট্রেজেডী৷ অবৈধভাৱে কয়লা আহৰণৰ বাবে খন্দা সুৰংগৰ ৫০০ ফুট গভীৰতাত আবদ্ধ হৈ ৫জন শ্রমিকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে৷ এই দুর্ভগীয়া শ্রমিককেইজনৰ ৪জন অসমৰ হোৱাৰ বিপৰীতে এজন ত্রিপুৰাৰ বাসিন্দা৷ 

সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি কাৰিমুল বাৰি নামৰ লোকজনে তেওঁৰেই চুবুৰীয়া এজন শ্রমিক মেঘালয়ৰ কয়লা খনিত দুর্ঘটনাগ্রস্ত হৈ মৃত্যু হোৱা বুলি এটা টুইটযোগে সদৰী কৰে৷ একে সময়তে ৫ৰ পৰা ৭জন শ্রমিক কয়লা খনিৰ ৫০০ ফুট গভীৰতাত পোত গৈ সমাধিস্থ হোৱা বুলিও দাবী কৰে লোকজনে৷ ইয়াৰ ভিত্তিতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰে তাৎক্ষণিকভাৱে অসমৰ ৬জন লোক মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ পৰা বুলি পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক জগপাল সিং ধানোৱাক জনায়৷

সোমবাৰে মেঘালয় আৰক্ষীৰ এক টুইটত এই সন্দর্ভত কোৱা হয়– ‘পূব জয়ন্তীয়া পাহাৰ জিলাৰ এটা কয়লা খনিত অসমৰ ৬জন ব্যক্তি আবদ্ধ হৈ পৰা সন্দর্ভত কাছাৰৰ আৰক্ষী অধীক্ষকৰ পৰা তথ্য পোৱা গৈছে৷ কয়লা খনিটো উমপ্লেং এণ্টি ডকাইতি কেম্পৰ অধীনস্থ সুতাংগাৰ দুর্গম এলেকাত চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু আইন–শৃংখলাৰ দায়িত্বত থকা আৰক্ষী মহাপৰিদর্শক সন্দেহযুক্ত ঘটনাস্থলীত গৈ উপস্থিত হৈছে৷’

মেঘালয় আৰক্ষীৰ সঞ্চালকপ্রধান আৰ চন্দ্রনাথনেও দুর্ঘটনা সংঘটিত হোৱা কয়লা খনিটো সুতাংগৰ অভ্যন্তৰত চিনাক্ত কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ পূব জয়ন্তীয়া পাহাৰ জিলাৰ উপায়ুক্ত ই খাৰমালকিয়ে কাছাৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত বিষয়টো পৰীক্ষা কৰি থকা হৈছে বুলি জানিবলৈ দি সংবাদ মাধ্যমৰ আগত কয় যে বর্তমানলৈকে এই সন্দর্ভত কোনোৱে আমাক আনুষ্ঠানিকভাৱে জনোৱা নাই যদিও ঘটনাস্থলীলৈ আৰক্ষীৰ দল প্রেৰণ কৰা হৈছে৷

দুর্ঘটনাগ্রস্ত হোৱা বুলি সন্দেহ কৰা ব্যক্তিৰ পৰিয়াল বা তেওঁলোকৰ আত্মীয়ই আমাৰ কাষ চাপিলে সহজ হয়৷ সোমবাৰে বতৰ প্রতিকূল হৈ আছে যদিও আজি অনুকূল হ’ব বুলি আশা কৰা হৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পাছতে পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক জগপাল সিং ধানোৱাই ঘটনা সন্দর্ভত এক বিবৃতি প্রকাশ কৰে৷

বিবৃতিটোত কোৱা হয়– ‘কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকে কমেও ৬জন শ্রমিক পূব জয়ন্তীয়া পাহাৰ জিলাৰ কয়লা খনিত ৩০ মে’ৰ নিশা আবদ্ধ হৈ পৰা বুলি দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে ৩১ মে’ৰ পুৱা সম্ভাব্য ঘটনাস্থলী চিনাক্ত কৰিবলৈ সক্ষম হয়৷ প্রতিকূল বতৰ, নিশাৰ অন্ধকাৰ আৰু প্রত্যক্ষদর্শী বিচাৰি নোপোৱাৰ বাবে সম্ভাব্য ঘটনাস্থলী চিনাক্ত কৰাত পলম হয়৷ ঊর্ধ্বতন কর্তৃপক্ষক সম্ভাব্য ঘটনাৰ বিষয়ে জনোৱাৰ লগতে জিলা প্রশাসনৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল৷ ইয়াৰ পাছতে এছ ডি আৰ এফৰ দলো সম্ভাব্য ঘটনাস্থলীত উপস্থিত হয়৷

আইন–শৃংখলাৰ দায়িত্বত থকা আৰক্ষী মহাপৰিদর্শকৰ নেতৃত্বত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে প্রত্যক্ষদর্শীসহ ৬জন লোক আগবাঢ়ি আহে৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে হঠাতে হোৱা ডিনামাইটৰ বিস্ফোৰণৰ ফলতেই ৫জনকৈ লোক কয়লা খনিত আবদ্ধ হৈ পৰিছিল৷’ মূল কালপ্রিট চর্দাৰ নিজাম আলীয়ে আবদ্ধ হৈ পৰা শ্রমিকসকলক উদ্ধাৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ কথাও প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে৷

বিবৃতিটোত প্রত্যক্ষদর্শীৰ উদ্ধৃতিৰে পুনৰ কোৱা হয়– ‘সেই সময়ত চর্দাৰ নিজাম আলীয়ে তাত উপস্থিত থকাসকলক আঁতৰি যাবলৈ ভাবুকি দিছিল৷ প্রত্যক্ষদর্শীৰ এনে ভাষ্যৰ ভিত্তিত খ্লেহৰিয়েট আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৮৮, ২৬৯, ২৭০, ৩০৪(এ) নং ধাৰাৰ অধীনত ৩৫(০৫)/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে৷’ ইতিমধ্যে এজন লোকক আটক কৰাৰ কথা উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে দুর্ভাগ্যজনকভাৱে আটকাধীন লোকজনৰ দেহত ক’ভিড–১৯ পজিটিভ পোৱা গৈছে৷ সেয়েহে নিৰাপত্তা বেষ্টনীৰ মাজত লোকজনক সম্প্রতি ৰাখি থোৱা হৈছে খ্লেহৰিয়েটৰআইছ’লেচন চেণ্টাৰত৷

মেঘালয় আৰক্ষীয়ে দিয়া তথ্য অনুসৰি কয়লা খনিত আবদ্ধ হৈ থকা শ্রমিককেইজনৰ ভিতৰত তিনিজন হৈছে– অসমৰ বকোৰ আব্দুল কৰিম, বৰপেটাৰ আব্দুল কালাম আৰু ত্রিপুৰাৰ শ্যামচৰণ দেৱবার্মা৷ ইয়াৰ বিপৰীতে আন দুজন শিলচৰৰ বুলি মেঘালয় আৰক্ষীয়ে নিশ্চিত কৰিছে যদিও তেওঁলোকৰ নাম প্রকাশ কৰা নাই৷ অৱশ্যে শিলচৰৰ এক স্থানীয় সূত্রই এই শ্রমিক দুজনৰ নাম কাটিগৰাৰ নজতপুৰ গাঁৱৰ চিৰাজ উদ্দিনৰ পুত্র আনোৱাৰুল ইছলাম বৰভূঞা (চহৰ) আৰু বদৰপুৰৰ মহলিজউদ্দিন বৰটোলৰ পুত্র শুকুৰ আহমেদ বুলি জানিবলৈ দিছে৷

ইফালে, আন এক অসমর্থিত সূত্রৰ মতে কয়লা খনিত আবদ্ধ হৈ মৃত্যুক সাবটি লোৱা শ্রমিকৰ সংখ্যা অধিক হোৱাৰো সম্ভাৱনা আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সেউজ পাহাৰ ধ্বংস কৰি ‘ৰেট–হোল মাইনিঙ’ৰ দ্বাৰা এটা শক্তিশালী চক্রই কয়লা খনন অব্যাহত ৰাখিছে৷ এনে ধৰণৰ অবৈধ কয়লা খননে পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পেলোৱাৰ অভিযোগ তুলি দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণে বিগত ২০১৪ চনৰ ১৭ এপ্রিলতে ইয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু তাৰ পাছতো শক্তিশালী চক্রটোৱে মেঘালয়ৰ সেউজ পাহাৰত চলাই আছে ‘ৰেট–হোল মাইনিং’৷

পৰিণতিত বিগত সময়ছোৱাত অবৈধ কয়লা খনিত সংঘটিত দুর্ঘটনাত কেইবাজনো শ্রমিকে কৰুণ মৃত্যুক সাবটি ল’ব লগা হৈছে৷ শেহতীয়াকৈ চলিত বর্ষৰ জানুৱাৰী মাহত পূব জয়ন্তীয়া পাহাৰ জিলাৰেই ৰিম্বাই এলেকাত সংঘটিত এনে এক ‘ৰেট–হোল মাইনিং’ ট্রেজেডীত মৃত্যু হৈছিল অসমৰ বৰাক উপত্যকাৰ ৬জনকৈ শ্রমিকৰ৷ তদুপৰি ২০১৮ চনত পূব জয়ন্তীয়া পাহাৰ জিলাৰ কাছানৰ এটা অবৈধ কয়লা খনিত ১৭জনকৈ শ্রমিকে প্রাণ হেৰুৱাইছিল৷ এইসকল শ্রমিকৰো অধিকাংশই আছিল অসমৰ৷

You might also like