নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হৰ ডুলিতে ভূতঃ ধুবুৰীত ছিণ্ডিকেটৰ ‘কিং পিন’ ডিএছপি গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১ জুনঃ অসম–বংগ সীমান্তৱর্তী ধুবুৰী জিলা নিৰাপত্তাজনিত দিশৰ পৰা অত্যন্ত স্পর্শকাতৰ৷ কিন্তু এই জিলাখনকে অভিকেন্দ্র হিচাপে ব্যৱহাৰ কৰি মাফিয়া চক্রই দীর্ঘদিনৰ পৰা পশুধন আৰু বনজ সম্পদৰ চোৰাং বেহা চলাই গৈছিল৷ সমগ্র নিষিদ্ধ ব্যৱসায়ৰ পৃষ্ঠপোষকতা কৰি আহিছিল খোদ অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াই৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে সোমবাৰে জালত পৰে ধুবুৰী আৰক্ষীৰ এজন উপ–আৰক্ষী অধীক্ষক৷ ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাভৰ নির্দেশনাত গ্রেপ্তাৰ হোৱা আৰক্ষী বিষয়াজন হৈছে সীমান্ত শাখাৰ উপ–আৰক্ষী অধীক্ষক যতীন দাস৷

সৰিয়হৰ ডুলিতে ভূত লুকাই থকাৰ দৰেই এইজন ডি এছ পিয়ে বহুদিন আগৰে পৰা ছিণ্ডিকেট বাহিনীৰ লগত নেক্সাছ গঢ়ি তুলিছিল৷ চোৰাং গৰু, শিল–বালি আনকি ড্রাগ্ছৰ বেহাৰ মূল কিং পিন আছিল ডি এছ পি যতীন দাস৷ ছাগলীয়া চেকগেটেৰে অসমত প্রৱেশ কৰা চোৰাং গৰুৰ ট্রাক, বহিঃৰাজ্যলৈ ওলাই যোৱা ড্রাগ্ছ, শিল–বালিৰ প্রতিখন ট্রাকৰ পৰাই নিয়মিতভাৱে আৰক্ষীৰ হৈ যতীন দাসে ধন সংগ্রহ কৰি আহিছিল৷ চোৰাং সামগ্রী কঢ়িওৱা প্রতিখন ট্রাকৰ নিৰিখ তেওঁ নির্ধাৰণ কৰিছিল ৫০ হাজাৰ টকা৷

কেৱল সেয়াই নহয়, বাংলাদেশলৈ গৰু, ড্রাগ্ছ, শিল চালানৰ নিষিদ্ধ ব্যৱসায়ত প্রত্যক্ষ সহযোগ আগবঢ়াই আহিছিল ডি এছ পি যতীন দাসে৷ নক’লেও হয় যে ঊর্ধ্বতন মহলৰ আশীর্বাদতে এইজন বিষয়াই চোৰাং কাৰবাৰৰ আঁত ধৰিছিল৷ অৱশেষত ধুবুৰীৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক অভিজিৎ গুৰাভৰ কঠোৰ স্থিতিৰ পৰিপ্রেক্ষিতত জালত পৰে আৰক্ষীৰ পোছাকত ছিণ্ডিকেট চলাই অহা এইজন বিষয়া৷ লগত গ্রেপ্তাৰ হয় তেওঁৰ এজেণ্ট ৰফিকুল পৰমানিক৷

এই সন্দর্ভত ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাভে সদৰী কৰা মতে, এক বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত দেওবাৰে নিশা জিলাখনৰ কেইবাটাও স্থানত আৰক্ষীয়ে অভিযান চলাইছিল৷ উক্ত অভিযান কালত আৰক্ষীয়ে দুটা স্থানত উৎসবিহীন ধন জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, আৰক্ষীয়ে ৰফিকুল পৰমানিক নামৰ ব্যক্তি এজনৰ বাসগৃহৰ পৰা ৪ লাখ ২১ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সীমান্ত উপ–আৰক্ষী অধীক্ষক যতীন দাসৰ গৃহৰ পৰা জব্দ কৰে ৫৭ হাজাৰ টকা৷ এই সন্দর্ভত ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৯ ধাৰাকে ধৰি ‘প্রিভেনচন অৱ কৰাপচন এক্ট’ৰ অধীনত ৭এ/১২ ধাৰাত ৮৮১/২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি দেওবাৰে নিশাই আৰক্ষী বিষয়া দাস আৰু তেওঁৰ সহযোগী ৰফিকুল পৰমানিকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷

ধুবুৰীৰ আৰক্ষী অধীক্ষক গুৰাভে অপৰাধ জগতৰ সৈতে সম্পর্ক থকা ব্যক্তিৰ সৈতে সম্পর্ক থকাৰ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত ধুবুৰী জিলাৰ সীমান্ত উপ–আৰক্ষী অধীক্ষকগৰাকীক গ্রেপ্তাৰ কৰা হোৱা বুলি স্পষ্ট কৰি দিছে৷ ইপিনে, সোমবাৰে বিয়লিৰ ভাগত উপ–আৰক্ষী অধীক্ষক যতীন দাসসহ ৰফিকুল পৰমানিকক ধুবুৰী আদালতত হাজিৰ কৰাইছে আৰক্ষীয়ে৷ জানিব পৰা মতে আৰক্ষী বিষয়া দাসক ধুবুৰী আৰক্ষীক ট্রেনজিট ৰিমাণ্ডত প্রেৰণ কৰিছে আদালতে৷ আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰাৰ সম্ভাৱনা আছে বিষয়াগৰাকীক৷

উল্লেখনীয় যে গৰুৰ উপৰি আৰক্ষী, বন বিভাগ আৰু পৰিবহণ বিভাগৰ একাংশৰ সহযোগিতাত ধুবুৰী জিলাত শিল–বালিৰো এক বৃহৎ ছিণ্ডিকেট সক্রিয় হৈ থকাৰ দীর্ঘদিনীয়া এক অভিযোগ আছে৷ যোৱা ২৬ মে’ত ছাগলীয়াত নথি–পত্রবিহীন অভাৰলোডেড ১২২খন শিলভর্তি ট্রাক আৰক্ষীয়ে জব্দ কৰিছিল৷ তাৰ পৰাই ছিণ্ডিকেট সম্পর্কীয় ন ন তথ্য পোহৰলৈ আহে৷ গুৰুত্বপূর্ণ কথাটো হ’ল, ৰাজ্যত ব্রইলাৰ মুর্গীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ আঁৰতো আছে ছাগলীয়াৰ ছিণ্ডিকেট৷ যতীন দাসৰ পাছত আৰু কাৰ নাম ছিণ্ডিকেটত সাঙোৰ খায়, তাক লৈ এতিয়া উৎসুকতাৰ সৃষ্টি হৈছে৷

You might also like