নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমূহীয়া বিবাহত মাস্ক পিন্ধি চুম্বনৰ বিনিময়

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছত সংক্রমণৰ আতংক সত্ত্বেও ফিলিপাইনছত বার্ষিক সমূহীয়া বিবাহত অংশ ল’লে ৪৪০ যুৱক–যুৱতীয়ে৷ মধ্য ফিলিপাইনছত সমূহীয়াকৈ যুগ্ম জীৱন আৰম্ভ কৰা এই বিবাহ অনুষ্ঠানত অৱশ্যে দৰা–কইনাক মাস্ক পৰিধান কৰি চুম্বনৰ…

জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰাক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ পৰাগ কুমাৰ দাস এগৰাকী নির্ভীক আপোচবিহীন সাংবাদিক আৰু জাতিপ্রেমী ব্যক্তি আছিল৷ –এই মন্তব্য তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট লেখক চন্দন কুমাৰ শর্মাৰ৷ সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত পৰাগ কুমাৰ দাস…

বিপিএফে অস্তিত্ব হেৰুৱাব নেকি?

বড়ো শান্তি চুক্তি, প্রমোদ বডোৰ ইউ পি পি এললৈ গমন, সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন, মিত্রতাক লৈ বিজেপিৰ নতুন তথা কৌশলী ৰাজনীতিয়ে সমাগত বিটিচি নির্বাচন ইতিমধ্যে আকর্ষণীয় কৰি তুলিছে৷ লগতে স্বতঃস্ফূর্তভাৱে আন এটা…

অসমীয়াৰ ৰক্ষাকৱচ

ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ৰ ১৪ আগষ্টৰ মাজনিশা নতুন দিল্লীত স্বাক্ষৰিত অসম চুক্তিৰ মূল লক্ষ্য আছিল ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰি অসমীয়া তথা খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰা৷ অসম চুক্তিৰ ছয় নম্বৰ দফাত…

‘কা’বিৰোধী আন্দোলন অব্যাহত থাকিবঃ জুবিন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ডিমাকুছিত সোমবাৰে উপস্থিত হয় জনপ্রিয় কণ্ঠশিল্পী, যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গ৷ ভেৰগাঁৱত জিলা ক্রীডা সন্থাৰ উদ্যোগত ডিমাকুছিত জুবিন আর্টিষ্ট একাদশ আৰু ভেৰগাঁও ক্রীডা সন্থাৰ…

চাইকেলেৰে অসম যাত্রা যোৰহাটৰ নবীন চন্দ্র দত্তৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ যোৰহাট ন–আলি ঢ়েকীয়াজুলি নিৱাসী সত্তৰ ঊর্ধ্বৰ নবীন চন্দ্র দত্তই ইতিমধ্যে ২০১৮ বর্ষত বায়ু প্রদূষণ ৰোধ আৰু শাৰীৰিক সক্ষমতা ৰক্ষাৰ উদ্দেশ্যে প্রদূষণমুক্ত বাহন চাইকেলেৰে দিল্লী ভ্রমণ সমাপ্ত কৰে৷ পুনৰ ৪ মার্চত…

২৬ মাৰ্চত অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ২৬ মাৰ্চত অসমৰ পৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন । মুঠ তিনিখন আসনৰ বাবে হ'ব এই নিৰ্বাচন । উল্লেখ্য যে অসমৰ পৰা খালী হ’ব ৩ খনকৈ আসন । দুখন আসনৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে ২ কংগ্ৰেছী…

বৰপেটাত সাংসদ–বিধায়কৰ উপস্থিতিত ‘দিশা’ৰ গুৰুত্বপূর্ণ বৈঠক সম্পন্ন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ (দিশা) তিনিমহীয়া বৈঠকখন সোমবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ সভাত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন…

বিটিচি নির্বাচনৰ পূর্বে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়ক

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ এনডিএফবিৰ প্রতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক পুনৰ জে’ললৈ পঠিওৱাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে পিজেএচিবিএম আৰু বডোলেণ্ড ছাত্র সন্থা চমুকৈ বিএছইউ–এ৷ সোমবাৰে কোকৰাঝাৰ চহৰৰ টেঙাপাৰাত থকা বিএছইউৰ মুখ্য কার্যালয়ত…

আবকাৰীৰ পৃষ্ঠপোষকতাত পূর্ণোদ্যমে চলিছে সুৰাৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ দেশ কঁপোৱা গোলাঘাট সুৰা কাণ্ডৰ সোমবাৰে এটা বছৰ পাৰ হৈ গ’ল৷ বিগত বর্ষৰ ২১ ফেব্রুৱাৰীত সংঘটিত ঘটনাটোত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত গোলাঘাট আৰু যোৰহাট জিলাৰ ডেৰ শতাধিক লোকে প্রাণ হেৰুৱাইছিল৷ মূলতঃ গোলাঘাটৰ শালমৰা…