নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত সাত কংগ্রেছীৰ দল ত্যাগঃ ৰকিবুল হুছেইনৰ ভেটিত খহনীয়া

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ প্রাক্তন মন্ত্রী তথা বর্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টিত শুকুৰবাৰে বহুকেইজন কংগ্রেছ নেতা–কর্মীয়ে দল ত্যাগ কৰিছে ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ তথা লাওখোৱা ব্লক কংগ্রেছৰ অন্তর্গত ভূৰবন্ধা মণ্ডল…

তেজপুৰত পুত্রৰ প্রহাৰত মৃত্যু পিতৃৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ তেজপুৰ শালনীবাৰী আৰক্ষী চকীৰ অন্তর্গত নয়া ঘগৰা চাহ বাগিচাত বৃহস্পতিবাৰে নিশা এজন যুৱকে পিতৃক আক্রমণ কৰাৰ পিছত শুকুৰবাৰে চিকিৎসা অবিহনে মৃত্যু হয় ৷ বাগিচাখনৰ শ্রমিক চান্ত্রাৱা কর্মকাৰৰ পুত্র ৰাজু কর্মকাৰে নিশা…

ছয়গাঁৱৰ বামুণীগাঁৱত ১০টা শগুনৰ কৰুণ মৃত্যু

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তর্গত বামুণীগাঁৱত শুকুৰবাৰে প্রকৃতিৰ জমাদাৰখ্যাত প্রায় ১০টা মৃত শগুন উদ্ধাৰ হয় ৷ ছয়গাঁও সমষ্টিৰ অন্তর্গত বামুণীগাঁও ফার্মহাউছৰ পিছফালে উদ্ধাৰ হয় মৃত শগুনকেইটা ৷ বামুণীগাঁও বন…

সংযুক্তা দত্তৰ ‘প্রয়াস’ পৰিধানেৰে ৰেম্পত কৰণ–বিপাশা

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ মুম্বাইত অনুষ্ঠিত হৈ থকা ‘লেকমি ফেশ্বন উইক’ত জিলিকিল অসমীয়া পৰম্পৰাগত পাটৰ বস্ত্রশিল্প৷ আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই প্রস্তুত কৰা নৱতম বস্ত্র সম্ভাৰ ‘প্রয়াস’ৰ কষ্টিউম পৰিধান কৰি…

আজিৰ পৰা তাৰালাংছ’ত কার্বি যুৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ কার্বি যুৱ মহোৎসৱে ইতিমধ্যে গৰকিছে ৪৬টা গৌৰৱোজ্জ্বল বর্ষ ৷ প্রতিবছৰে ১৫ৰ পৰা ১৯ ফেব্রুৱাৰীলৈ ডিফুৰ তাৰালাংছ’ৰ কার্বি পিপল্ছ হলত অনুষ্ঠিত হৈ আহিছে কার্বি যুৱ মহোৎসৱ ৷ আজি মহোৎসৱটিৰ প্রথম দিন ৷ কার্বি আংলঙৰ উপৰি…

এবছু, এনডিএফবিৰ নতুন দলৰ বাবে খোলা থাকিব বিজেপিৰ মিত্রতাৰ দুৱাৰঃ ৰঞ্জিত দাস

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ ৰাজ্যত ২০২১তো বিজেপিৰ নেতৃত্বতে গঠন হ’ব চৰকাৰ ৷ কোনোবাই যদি অন্য ভাবিছে তেন্তে তেওঁ মূর্খৰ স্বর্গত বাস কৰিছে ৷ বিটিআৰতো এইবাৰ বিজেপিয়েই ক্ষমতাত থাকিব ৷ বৰপেটাৰোডৰ কাটাঝাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ…

কিস্তি আদায়ৰ নামত নির্যাতনৰ বিৰুদ্ধে ওলাই আহিল শ শ মহিলা

নিয়মীয়া বাৰ্তা , ১৫ ফেব্রুৱাৰীঃ মধ্য অসমত শেহতীয়াকৈ একাংশ বিত্তীয় প্রতিষ্ঠানে দৰিদ্র শ্রেণীৰ মহিলাসকলক জধেমধে ঋণ প্রদান কৰাৰ পিছত কিস্তি আদায়ৰ ক্ষেত্রত মানসিক নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ মৰিগাঁৱত শুকুৰবাৰে সদৌ তিৱা ছাত্র সন্থা আৰু…

তেজপুৰত ট্রাকৰ খুন্দাত প্রাণ গ’ল বাইক আৰোহী যুৱকৰ

নিয়মীয়া বাৰ্তা,১৫ ফেব্রুৱাৰীঃ তেজপুৰত ৰাষ্ট্রীয় ঘাইপথত বৃহস্পতিবাৰে নিশা সংঘটিত এক পথ দুর্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে দুজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ আহত দুয়োজন যুৱক বর্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷ মৃত যুৱকজনৰ নাম খুলেন্দ্র নাথ…

ট্রাকৰ চেপাত কৰুণ মৃত্যু এবছৰীয়া শিশুসহ যুৱতীৰ

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ ছিপাঝাৰৰ এ পি বি ইটা উদ্যোগত কর্তৃপক্ষৰ গাফিলতিৰ বাবেই শুকুৰবাৰে কৰুণভাৱে প্রাণ দিবলগীয়া হয় এটি এবছৰীয়া শিশুসহ এগৰাকী যুৱতীয়ে ৷ লক্ষণীয় যে ছিপাঝাৰৰ বাঁহগঢ়া–দামপুৰ অঞ্চলত জধে–মধে স্থাপন হোৱা ইটাভাতাই জনজীৱনৰ…

আজিৰ ৰাশিফল

মেষ - সামাজিক সুনাম হানি হোৱাৰ আশংকা৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে৷ প্রেমত নতুন প্রস্তাৱ আহিব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷ বৃষ - স্বাধীন ব্যৱসায়ত সফলতা লাভ কৰিব৷ ঘৰুৱা দিশত ভাতৃৰ লগত মতবিৰোধে…