নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ নির্দেশ উচ্চ ন্যায়ালয়ৰঃ ছয় সপ্তাহত জিপিএছ সংলগ্ন কৰিব লাগিব চিটীবাছত

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটীত নিয়ন্ত্রণহীন হৈ পৰা ৰাজহুৱা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ কঠোৰ স্থিতি গ্রহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ যাত্রীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে যান–জঁটমুক্ত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক একাধিক…

যুদ্ধৰ অশনি সংকেত

ইৰানৰ সেনা জেনেৰেল কাছেম ছোলেইমানী ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্র’ন আক্রমণত নিহত হোৱাৰ পিছতেই মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ যোৱা সপ্তাহত ছোলেইমানী নিহত হোৱাৰ পিছতে ইৰানে আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধৰ হুংকাৰ…

‘দৈনিক অগ্রদূত’ক আন্তঃৰাষ্ট্রীয় যোগ দিৱস মিডিয়া সন্মান প্রদান তথ্য–সম্প্রচাৰ মন্ত্রালয়ৰ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ে প্রৱর্তন কৰা প্রথম আন্তঃৰাষ্ট্রীয় যোগ দিৱস মিডিয়া সন্মান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ‘দৈনিক অগ্রদূত’ কাকতে৷ কালি নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত আয়োজিত এক…

মানকাচৰত চোৰাং গৰুসহ বিএছএফৰ জালত দুই বাংলাদেশী যুৱক

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ মানকাচৰ আৰক্ষী থানাৰ অন্তর্গত বাংলাদেশ সীমান্তৰ সমীপত বুধবাৰে পুৱা সীমান্তৰক্ষী বাহিনীয়ে দুজন বাংলাদেশী লোকক আটক কৰে৷ বাংলাদেশী লোক দুজনক চোৰাং গৰুসহ আটক কৰে৷ বাংলাদেশী লোক দুজন হ’ল ক্রমে কুৰিগ্রাম জিলাৰ ৰৌমাৰী…

দুবাৰকৈ মুখ্যমন্ত্রী হৈ অসম চুক্তিৰ বাবে কি কৰিলে ?

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ‘কা’ লৈ বিভাজনৰ দিশে যোৱা আঞ্চলিক দল অগপত এতিয়া চলিছে নেতাৰ আক্রমণ–প্রত্যাক্রম যুঁজ৷ কালি দলৰ বিৰুদ্ধাচৰণ কৰি দলৰ প্রাক্তন সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী…

অবৈধ কয়লা কঢ়িয়াবলৈ উকিয়ামত শ্রী নৈৰ সোঁত ভেটি পথ নির্মাণ

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত থকাৰ সময়তে অসাধু চক্রই মেঘালয়ৰ পৰা অসমলৈ একমাত্র অবৈধ কয়লা সৰবৰাহৰ বাবেই পুতি পেলাইছে এখন নৈ৷ নৈৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ৷ কয়লা সৰবৰাহৰ বাবে কয়লা…

ব্যতিক্রমী ভেলাঘৰেৰে নাগৰিকত্ব আইনৰ বিৰোধিতা নগাঁৱৰ বাংথাই গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মাজত আৰু মাত্র পাঁচটা দিন৷ আহি পালে হেঁপাহৰ ভোগালী৷ গাঁৱে–ভূঞে, চহৰে–নগৰে ভোগালীক আদৰিবলৈ ব্যাপক প্রস্তুতি চলিছে৷ বিশেষকৈ গ্রামাঞ্চলত ঢেঁকীৰ শব্দ আৰু পৰম্পৰাগত ভেলাঘৰ, মেজি নির্মাণক লৈ অন্তহীন ব্যস্ততা পৰিলক্ষিত…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল ল’ব৷ যাত্রাদি শুভ৷ শুভ সংখ্যা ২৷ বৃষঃ কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷ মন…

আফজলৰ পৰা নিৰ্ভয়া লৈ : প্ৰতিটো ফাঁচীত কিয় ব্যৱহাৰ হয় বক্সাৰ জেলত তৈয়াৰী ৰছী !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক ২২ জানুৱাৰীৰ দিনা ফাঁচীকাঠত ওলমোৱাৰ নিৰ্দেশ দিয়াৰ পাচতেই এতিয়া ফাঁচীৰ ৰছী তৈয়াৰত ব্যস্ত হৈ পৰিছে বিহাৰৰ বক্সাৰ জেল । বক্সাৰ জেলত প্ৰস্তুত হোৱা এই বিশেষ ৰছীত প্ৰকৃততে কি থাকে অথবা ফাঁচীৰ…

বৰফৰ শুভ্ৰতাই ঢাকি ধৰা মায়’ডিয়ালৈ যাওঁ বলক …

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ মায়'ডিয়া, মায়াসনা এটা নাম । মায়াসনা মায়'ডিয়াত এতিয়া বৰফ পৰিছে । বৰফৰ শুভ্ৰতাই আগুৰি ধৰিছে সেউজীয়া পাহাৰবোৰ । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলী জিলাৰ মায়'ডিয়া হৈছে এক নতুন পৰ্যটনক্ষেত্ৰ । শেহতীয়াকৈ…