নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ নির্দেশ উচ্চ ন্যায়ালয়ৰঃ ছয় সপ্তাহত জিপিএছ সংলগ্ন কৰিব লাগিব চিটীবাছত

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ ৰাজধানী চহৰ গুৱাহাটীত নিয়ন্ত্রণহীন হৈ পৰা ৰাজহুৱা যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ কঠোৰ স্থিতি গ্রহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ যাত্রীৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে যান–জঁটমুক্ত কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক একাধিক কঠোৰ নির্দেশনা জাৰি কৰিছে মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে৷

সেই অনুসৰি ডেৰ মাহৰ ভিতৰত মহানগৰীত চলাচল কৰা চিটীবাছসমূহত জিপিএছ সংস্থাপন কৰিবলৈ কঠোৰ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ অধিবক্তা ৰীতা দাস মজুমদাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৭২/১৬ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজনিত আবেদনৰ শুনানি গ্রহণ কৰি কালি দুজনীয়া বিচাৰপীঠখনে বাছসমূহত জিপিএছ সংস্থাপিত কৰিবলৈ পৰিবহণ বিভাগৰ আয়ুক্ত সচিবক নির্দেশ প্রদান কৰিছে৷ মহানগৰীত চলাচল কৰা বহু বাছত দর্জা নথকাত যাত্রীসকলে নিৰাপত্তাহীনভাৱে যাতায়াত কৰিবলগীয়া হৈছে৷

সেয়ে যাত্রীৰ সুৰক্ষাৰ বাবে বাছসমূহত দর্জা লগোৱাটো বাধ্যতামূলক কৰিবলৈ পৰিবহণ বিভাগক নিদের্শনা জাৰি কৰিছে৷ যদিহে কোনো বাছ দর্জা নথকাকৈ চলাচল কৰে তেনে বাছ এমাহৰ বাবে চলাচল বন্ধ কৰাৰ নির্দেশ জাৰি কৰিছে৷ প্রতিখন বাছত যাত্রীয়ে দেখাকৈ আগফালে–পিছফালে আৰু বাছৰ বাঁওফালে পথত চলাচলৰ অনুুমতি নম্বৰ, পথ নম্বৰ লিখি ফলক আঁৰিব লাগিব৷ যান–বাহন আইন উলংঘা কৰা বাহনসমূহ চিনাক্ত কৰাৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চিচি টিভি কেমেৰা স্থাপন কৰিবলৈ নির্দেশ দিয়ে৷ চিচি কেমেৰাসমূহ যি স্থানত সংস্থাপিত কৰিলে যান–বাহন আইন উলংঘা কৰা বাহনসমূহ সহজতে চিনাক্ত কৰিব পাৰি, তেনে স্থানত স্থাপন কৰিবলৈ নির্দেশনা দিয়ে৷

মহানগৰীত চিচি টিভি কেমেৰা সংস্থাপনৰ কাম তিনি মাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷ মহানগৰীৰ জালুকবাৰীৰ ৰ’টাৰী পইণ্টত বাছ আস্থান থাকিব নোৱাৰিব৷ লগতে ৰ’টাৰী পইণ্টত কোনোধৰণৰ যান–বাহন ৰাখিব নোৱাৰিব৷ তদুপৰি জালুকবাৰীৰ ৰ’টাৰীত থকা ভেণ্ডৰসমূহক উক্ত স্থানৰ পৰা উচ্ছেদ কৰিবলৈ জিএমচি, পিডব্লিউডিক শীঘ্রে ব্যৱস্থা গ্রহণ কৰিবলৈ ন্যায়ালয়ে নির্দেশনা জাৰি কৰে৷ মহানগৰীৰ বাছ আস্থানসমূহ বিজ্ঞানসন্মতভাৱে নির্মাণ কৰিবলৈ এক জৰীপ চলোৱাৰ নির্দেশনা জাৰি কৰে৷ এই জৰীপ তিনি সপ্তাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব৷ ৩ ফেব্রুৱাৰীৰ পূর্বে নির্দেশসমূহ কার্যকৰী কৰাৰ প্রতিবেদন দাখিল কৰিবলৈ ন্যায়ালয়ে নির্দেশ দিয়ে৷

You might also like