নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতাৰ পৰা অপসাৰিত হ’ব নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ?

নিউজডেস্ক, ২০ ডিচেম্বৰঃ বিৰোধী ৰাজনীতিকৰ বিৰুদ্ধে ইউক্ৰেইনক তদন্ত চলোৱাৰ বাবে চাপ সৃষ্টি কৰি ক্ষমতাৰ অপব্যৱহাৰৰ মহাভিযোগত অভিযুক্ত হৈছে মাৰ্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ বুধবাৰে দেশখনৰ ডেম’ক্রেটিকৰ সংখ্যাগৰিষ্ঠতা থকা হাউছ অৱ…

কোচ ৰাজবংশী-মৰাণ-মটকৰ বাবে গঠন হ’ব স্বায়ত্তশাসিত পৰিষদ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকাৰণৰ বাবে ৰাজ্য চৰকাৰে অহা জানুৱাৰী মাহৰ ভিতৰত মন্ত্ৰীগোটে জনোৱা অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব । আনহাতে চাৰিখন জিলাক সামৰি আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ…

বিহাৰত বৃদ্ধি মহিলাৰ বিৰুদ্ধে অপৰাধঃ পাটনাত সর্বাধিক ধর্ষণ যৌন উৎপীড়নৰ গোচৰ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ সাম্প্রতিক সময়ত বিহাৰত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ৷ ৱ’মেন হেল্পলাইন ছার্ভিচৰ তথ্য মতে চলিত বর্ষত এতিয়ালৈকে কেৱল পাটনাতে মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনাৰ গোচৰ ৪৭৪টা ৰুজু হৈছে ৷…

ফ’বছৰ শীর্ষ এশ ভাৰতীয় চেলিব্রিটীৰ তালিকাঃ প্রথম স্থানত বিৰাট কোহলি, অৱনমিত ছলমান

নিউজডেস্ক, ২০ ডিচেম্বৰঃ ২০১৯ চনৰ ‘ফ’বছ ইণ্ডিয়া চেলিব্রিটী–১০০’ তালিকাৰ ৰেংকিং মতে যোৱা বর্ষৰ শীর্ষৰ চেলিব্রিটী ফিল্মষ্টাৰ ছলমান খানক তৃতীয় স্থানলৈ ঠেলি প্রথম স্থানলৈ উন্নীত হৈছে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলি ৷ ২০১৮ চনৰ ১ অক্টোবৰৰ…

১৫.৫ কোটিত কলকাতা নাইট ৰাইডার্ছলৈ পেট কামিনছ

নিউজডেস্ক, ২০ ডিচেম্বৰঃ অহা বর্ষৰ আই পি এলৰ বাবে বৃহস্পতিবাৰে আয়োজিত খেলুৱৈ নিলামত বজাৰ গৰম কৰে অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ তাৰকাসকলে ৷ এইসকলৰ ভিতৰত শীর্ষত থাকে অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ পেট কামিনছ ৷ বিশ্ব টেষ্ট ৰেংকিঙৰ শীর্ষস্থানপ্রাপ্ত…

‘খেলো ইণ্ডিয়া য়ুথ গেমছ’ উদ্বোধনৰ বাবে ১০ জানুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী !

নিউজডেস্ক, ২০ ডিচেম্বৰঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছ উদ্বোধন কৰিবলৈ অসমলৈ অহাৰ সম্ভাৱনা আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৷ খেলো ইণ্ডিয়াৰ চি ই অ’ অবিনাশ যোশীয়ে সংবাদ মাধ্যমৰে হোৱা মত বিনিময়ত…

যন্তৰ–মন্তৰত অকলেই অনশনত বহিল ৰূপজ্যোতি কুর্মী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নতুন দিল্লীৰ যন্তৰ–মন্তৰত বৃহস্পতিবাৰে অকলেই প্রতিবাদ সাব্যস্ত কৰি এক অনশন কার্যসূচী ৰূপায়ণ কৰিলে ৰাজ্যৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ পুৱাৰ পৰা পালন কৰা সাত ঘণ্টীয়া এই…

মেঘালয়ত ইনাৰলাইন পার্মিটঃ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচন–১৮৭৩ অনুসৰি মেঘালয়ত ইনাৰলাইন পার্মিট ৰূপায়ণ কৰিবৰ বাবে বৃহস্পতিবাৰে ৰাজ্যখনৰ বিধানসভাত সর্বসন্মত প্রস্তাৱ গৃহীত কৰা হয় ৷ মুখমন্ত্রী কনৰাড কে চাংমাই উত্থাপন কৰা এই প্রস্তাৱ দলৰ…

প্ৰতিবাদৰ নামত হিংসাঃ উৰাবাতৰি বিয়পোৱা উৎসৰ তদন্তত নামিছে আৰক্ষী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ 'কা' বিৰোধী আন্দোলনে সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে প্ৰতিবাদৰ নামত একাংশ দুষ্কৃতিকাৰীয়ে চলোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে গৃহ বিভাগ আৰু অসম আৰক্ষীয়ে ৷ কাৰ প্রৰোচনাত আৰু কেনেধৰণৰ উৰাবাতৰিৰ ফলত যোৱা…

১৯ জানুৱাৰীলৈ পিছুৱালে মাধ্যমিক টেট

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদে ৰাজ্যৰ পৰিস্থিতি জটিল কৰি তোলাৰ পৰিপ্ৰেক্ষিতত অহা ২২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল টেট ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে ৷ বৃহস্পতিবাৰে এই কথা অৱগত কৰে…