নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত বিজ্ঞান শিক্ষা প্ৰসাৰৰ বাবে আজমলক প্ৰশংসা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তৰ

নিয়মীয়া বার্তা, ১৫ মে : অসমৰ বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ বাবে উন্নত মানৰ শিক্ষা প্ৰদানৰ যি ব্যৱস্থা লোৱা হৈছে তাৰ বাবে হোজাইৰ আজমল ফাউণ্ডেচনক উষ্ম প্ৰশংসা কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ডঃ ননী গোপাল মহন্তই ।আজি হোজাইৰ বৰপুখুৰীৰ মৰিয়ম আজমল ৱমেঞ্চ কলেজ অফ চাইন্স এণ্ড টেকনলজিৰ চৌহদত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাৰ জৰিয়তে NEET আৰু JEE২০২১ বৰ্ষত সফলতা অৰ্জন কৰি বিভিন্ন চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ১৭৩ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

সম্বৰ্ধনা সভাত আজমল চি এচ আৰৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল, মুখ্য অতিথি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননিগোপাল মহন্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অধ্যাপক অলক কুমাৰ বৰগোহাঁই, আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰ- ভাইচ চেন্সেলৰ ব্ৰীগেডিয়াৰ চৈয়দ আহমেদ, নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে ৷ উল্লেখ্য যে, ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল চুপাৰ-৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে ৷ ২০২১ বৰ্ষৰ NEET আৰু JEE পৰীক্ষাত ১৭৩ গৰাকী শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ NEET২০২১ বৰ্ষৰ বাছনি পৰীক্ষাত আজমল চুপাৰ ৪০-ৰ শীৰ্ষ স্থান দখল কৰে মিজানুল ইছলামে,৭২০ নম্বৰৰ ভিতৰত ৬৪৭ নম্বৰ পায়, জে.এইচ বাৰভূঞা (৬৩৩), সাহ ফাৰাজ (৬২৬), তাহিৰ ইকবাল মাশ্বুদ (৬২৫), আৰমিনা পাৰবিন (৬২৪), চাগনিক বণিক (৬১৬), কৃসানু দেৱ ৰয় (৬০৯) আৰু চাইফুল ইছলাম (৬০৪) নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই কেইজন শিক্ষাৰ্থীসকলৰ লগতে আন বহু গৰাকীয়ে গুৱাহাটী মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰে । আনহাতে ২০১৯ বৰ্ষত আজমল চুপাৰ ৪০ৰ পৰা ২২গৰাকী, ২০২০ত ৮২ গৰাকী শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ এইবাৰ ১৭৩ শিক্ষাৰ্থীয়ে NEET আৰু JEE-২০২১ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় ৷ সমান্তৰালকৈ আজমল আইন মহাবিদ্যালয়খনেও অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হয় ।আজমল আইন মহাবিদ্যালয়ৰ প্ৰথমটি Batchএ এক বৃহৎ সফলতা কঢ়িয়াই আনে, ৩০গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰথম, তৃতীয় আৰু পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয় ৷ প্ৰথম স্থানত আছে নিখিল কুমাৰ মুন্দ্ৰা, চতুৰ্থ স্থানত আফচানা বেগম আৰু পঞ্চম স্থান লাভ কৰে দেৱজানী দাস। আনহাতে ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত মৰিয়ম আজমল ৱমেঞ্চ কলেজ অফ চায়েঞ্চ এণ্ড টেকন’লজি স্নাতক বিভাগৰ লগতে উচ্চতৰ মাধ্যমিকতো এক চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে কহেলী ‌সৰকাৰ নামৰ এগৰাকী মেধাবী ছাত্ৰীয়ে মৰিয়ম আজমল কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ উন্নত ফলাফল প্ৰদৰ্শন কৰি নতুন দিল্লীৰ School of Planning and Architectureৰ B.ARCH(স্থাপত্যবিদ্যা) অধ্যয়নৰত।মালিন টেৰাংপি নামৰ আন এগৰাকীয়ে ছাত্ৰীয়ে মৰিয়ম কলেজৰ পৰা উত্তীৰ্ণ হৈ গুৱাহাটী মেডিকেল কলেজত অধ্যয়ন কৰি আছে । সমান্তৰালকৈ IIT JAM-2022 বৰ্ষত বিজ্ঞান বিভাগৰ ৰাসায়ন বিজ্ঞানত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰে খাদিজা বেগমে। মৰিময় আজমল ৱমেঞ্চ কলেজ অৱ চাইন্স এণ্ড টেকন’লজিৰ ২০২০-২১বৰ্ষত কলা/বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত অভূতপূৰ্ব সফলতা কঢ়িয়াই আনে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰথম দহটাৰ ভিতৰত চাৰিটা স্থান দখল কৰিবলৈ সক্ষম হয়, ক্ৰমে চতুৰ্থ স্থান আবিদা বেগম (English),পঞ্চম স্থান জেচমিনা বেগম (Botany) ,অষ্টম স্থান ৰহিমা বেগম চৌধুৰী ( Botany) আৰু দশম স্থান দখল কৰে ৰুমানা বেগম (Botany) ৷ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত নাজিৰ আজমল মেম’ৰিয়েল কলেজে অৱ এডুকেশ্বনেও ২০২১বৰ্ষৰ ফলাফলতো ৰাজ্যখনত এক চমকপ্ৰদ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ নাজিৰ আজমল মেম’ৰিয়েল কলেজে অৱ এডুকেশ্বনে এইবাৰ ৰাজ্যৰ ৬টা শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। দ্বিতীয় স্থান লাভ কৰে মোহাইমিনা শ্বৱনম , পঞ্চম স্থান দখল কৰে জোনাকী শ্বাহা, দশম স্থান দখল কৰে মাহমদুল হাচান, ত্ৰয়োদশ স্থান দখল কৰে দিপাঞ্জলী পণ্ডিট, ষোড়শ স্থান দখল কৰে চান্টা দেৱী ,আৰু বিংশতিতম স্থান দখল কৰে আসনা কাকতিয়ে ৷ এনেদৰে শীৰ্ষ স্থান দখলেৰে ৰাজ্য‌খৰ লগতে হোজাইৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আজি মৰিয়ম আজমল ওৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনলজিৰ চৌহদত অনুষ্ঠিত এখন সভাত আজমল ফাউণ্ডেচনে কৃতি শিক্ষাৰ্থী সকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু আজমল চুপাৰ ৪০, আজমল আইন মহাবিদ্যালয় ,মৰিয়ম আজমল ৱমেঞ্চ কলেজ অৱ চাইন্স এণ্ড টেকন’লজি, নাজিৰ আজমল মেমোৰিয়েল কলেজে অৱ এডুকেশ্বনৰ লগত জড়িত সমূহ কৰ্মকৰ্তাক জাপি, ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিভিন্ন ভাগত আনুষ্ঠানিক ভাৱে ৩৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷ আজি সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও চাৰিজন বিশিষ্ট নাগৰিককো তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত বিশেষ উচ্চ মানদণ্ডৰ কাৰ্য প্ৰদৰ্শন আৰু সমাজলৈ অনবদ্য অৱদানৰ বিশিষ্ট শৈল্য চিকিৎসক আৰু মুখ্য চিকিৎসা সঞ্চালক হাম হস্পিতেলৰ ডাঃ চাইদুল ইছলামৰ লগতে এজন প্ৰতিষ্ঠিত শৈল্য চিকিৎসক আৰু হাম হস্পিটেলৰ উপ-অধীক্ষক ডাঃ আল হিলাল চৌধুৰী আৰু হাম হস্পিটেলৰ এজন বিশিষ্ট চিকিৎসক আৰু জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ আদিত্য লাংথাচাক “মানৱতাৰ গৌৰৱ বঁটা”ৰে সন্মানিত কৰাৰ লগতে ভাৰতীয় তথ্য সেৱাৰ বিষয়া মাৰুফ আলমকো এই বঁটা প্ৰদান কৰা হয় ।

প্ৰেৰক :- কিশলয় ডি গোস্বামী

You might also like