নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মেডিকেল কলেজৰ চকু বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ ভূৱন চন্দ্ৰ কলিতাৰ পৰলোক

নিয়মীয়া বাৰ্তা, ১৯ মে’: অসম মেডিকেল কলেজৰ চকু বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ ভূৱন চন্দ্ৰ কলিতাৰ (৮০) আজি গুৱাহাটীৰ ডাউন টাউন হস্পিতালত চিকিৎসাধীন অৱস্থাতে পুৱা প্ৰায় ৬ বজাত মৃত্যু হয়।অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰাই গ’ল্ড মেডেল পাবলৈ সক্ষম হোৱা প্ৰয়াত চিকিৎসক কলিতাই,অসম মেডিকেল কলেজৰ পৰাই ‘৬২ চনতে চিকিৎসা সেৱা কৰ্মজীৱনৰ পাতনি মেলা ডিব্ৰুগড়ৰ খহিলামাৰীৰ স্থায়ী বাসিন্দা আছিল।যদিও প্ৰায় ডেৰ বছৰৰ পূৰ্বে গুৱাহাটীৰ ৰুকমিনি গাওঁত নিগাজিকৈ থাকিবলৈ লয়।অসম মেডিকেল কলেজক হাড়ে-হিমজুৱে ভালপোৱা ডাঃ কলিতাক গুৱাহাটী আৰু শিলচৰ মেডিকেললৈ পদোন্নতি দিয়া হৈছিল যদিও চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই সেয়া প্ৰত্যাষাণ কৰিছিল।তেখেতৰ চিকিৎসা কৰ্মৰ প্ৰতি থকা অগাধ ভালপোৱা তথা সৰলতা বাবেই ১৯৭৭ চনত ভূটানৰ ৰজাই মুগ্ধ হৈ ভূটানলৈ লৈ যোৱাৰ বাবে অধ্যক্ষৰ অনুমতি লৈছিল যদিও সেয়া মাক-দেউতাকে প্ৰথমে বাধা দিছিল যদিও পৰৱৰ্তী সময়ত দুবছৰৰ বাবে ভূটানলৈ ৰজাৰ ব্যক্তিগত চিকিৎসক হোৱাৰ সুবিধা লাভ কৰে।সুদীৰ্ঘকাল চিকিৎসা সেৱাত ব্ৰতী হৈ মানৱ সেৱা কৰা ভূৱন কলিতাক ৰাজ্যপালে চিকিৎসা সেৱাৰ বাবে “জীৱনজোৰা সাধনা বঁটা” ২০১৮ চনত প্ৰদান কৰিছিল।২০০১ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা চিকিৎসক কলিতা যোৱা এসপ্তাহ ধৰি গুৱাহাটীৰ ডাউন টাউনত চিকিৎসাধীন হৈ আছিল।আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হোৱা কলিতাই মৃত্যুৰ সময়ত পত্নী মনি বৰদলৈ কলিতা,বৰ্ণালী আৰু নম্ৰতা দুগৰাকী জীয়ৰীসহ অনেক আত্মীয় স্বজন,মিতিৰ কুটুম তথা গুণমুগ্ধক এৰি থৈ গৈছে।চিকিৎসক কলিতাৰ মৃত্যুত আজি অসম মেডিকেল কলেজত অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ পৌৰহিত্যত এক মিনিট মৌন পাৰ্থনাৰে এখনি শোকসভা অনুস্থিত কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমৱেদনা জ্ঞাপন কৰা হয়।সভাত প্ৰয়াত চিকিৎসক গৰাকীৰ বিষয়ে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি,ডাঃ জৱাহৰ জ্যোতি কুলি,ডাঃ আৰ এন গগৈ,ডাঃ প্ৰশান্ত দিহিঙীয়াই বক্তব্য ৰাখে।আনহাতেদি অসম মেডিকেল কলেজ শিক্ষক সংস্থা,অ’পথালমলজিকেল চচাইটি অসমে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমবেদনা জ্ঞাপন কৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like