নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুপেটাৰ বৰলীয়াপাৰাত মহাপুৰুষ হৰিদেৱৰ তিথি পালনৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি

নিয়মীয়া বাৰ্তা , ১৯ মেঃ সৰুপেটাৰ সমীপৰ বৰলীয়াপাৰা ৰাজহুৱা নামঘৰত গঞা ৰাইজৰ উদ্যোগত অনুষ্ঠিত মহাপুৰুষ হৰিদেৱৰ তিথি উদযাপনৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰে।উল্লেখ্য,অসমৰ নব বৈষ্ণৱ যুগৰ চাৰিগৰাকী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ,মাধৱদেৱ আৰু দামোদৰদেৱৰ পিছতেই মহাপুৰুষ হৰিদেৱক অন্যতম হিচাপে স্থান দিয়া হৈছে। উল্লেখ্য,১৪২৬ খ্ৰীষ্টাব্দৰ শুক্লা পঞ্চমী তিথিত উজনিৰ লখিমপুৰত জন্মগ্ৰহণ কৰা মহাপুৰুষ হৰিদেৱক বৈদিক ধৰ্মৰ প্ৰথমগৰাকী প্ৰচাৰক হিচাপেও মান্যতা দি অহা হৈছে।বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থেই মহাপুৰুষ হৰিদেৱে মানেৰি, বহৰি,হৰিপুৰ আৰু কৈহাটীত সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কথা চৰিত পুঁথিসমূহত উল্লেখ আছে।মহাপুৰুষ হৰিদেৱে তেতিয়াৰ অসমত ব্যাপক ৰূপত প্ৰচলিত বলি বিধানৰ সলনি বেদ,গীতা,ভাগৱত,আদিত উল্লেখিত ভগৱান শ্ৰীকৃষ্ণকেই মূল হিচাপে লৈ কৃষ্ণৰ পূজা অৰ্চনা কৰাতহে বিশ্বাসী আছিল বুলিও চৰিত পুঁথিসমূহত উল্লেখ আছে।উল্লেখ্য,কালি সন্ধিয়া প্ৰায় ৬ বজাত ‌গাঁওখনৰ ৰাজহুৱা নামঘৰত বৰলীয়াপাৰা গাঁও পৰিচালনা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে বীৰেন দাস আৰু ৰঞ্জিৎ কলিতাই যুটীয়াভাৱে বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ জৰিয়তে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।ইয়াৰ পিছতেই নলবাৰী ঘগ্ৰাপাৰৰ আমন্ত্ৰিত নামতী যুৱতী অনামিকা দাসৰ নেতৃত্বত এটি নাম দলে পুৱতি নিশা প্ৰায় তিনি বজালৈকে নাম পৰিবেশন কৰে।ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিৰে ঠাহ খাই পৰা বৰনামঘৰত নামতী গৰাকীয়ে নিখুঁত আৰু নিৰ্ভূল শব্দচয়নেৰে শুদ্ধ ৰূপত কৰা নাম পৰিবেশনে উপস্থিত সহস্ৰাধিক ৰাইজক মুগ্ধ কৰি তোলা পৰিলক্ষিত হয়।আনহাতে আজি দ্বিতীয় দিনৰ কাৰ্যসূচীৰ আৰম্ভণিতে গাঁওখনৰ আই-বাপ-বান্ধৱ আৰু ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতিত নাম-প্ৰসঙ্গ অনুষ্ঠিত হয়।বিয়লিলৈকে অবিৰতভাৱে চলা নাম-প্ৰসঙ্গৰ সামৰণি পৰাৰ পিছতে উপস্থিত ভক্তিপ্ৰাণ ৰাইজৰ মাজত মাহ-প্ৰসাদৰ উপৰিও ভোগ বিতৰণ কৰা হয়।উল্লেখ্য,গাঁওখনত প্ৰতিবছৰে হৰিদেৱৰ তিথি উদযাপন কাৰ্যসূচীৰ সময়ত ভক্তিপ্ৰাণ ৰাইজৰ মাজত পৰম্পৰাগতভাবে এনেদৰে ভোগ বিতৰণ ব্যৱস্থাৰ প্ৰচলন কৰা হৈ আহিছে।আনহাতে আজি সন্ধিয়া গাঁওখনৰ প্ৰতিঘৰ লোকৰে পদূলিমূৰত একোগছিকৈ বন্তি প্ৰজ্বলনৰ জৰিয়তে মহাপুৰুষ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

বাতৰি প্ৰেৰক :: ভূষণ তালুকদাৰ ,সৰুপেটা।

You might also like