নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্রদেশত নামপঙত এন.এছ.চি.এন( আই এম)ৰ কেডাৰ আটক

নিয়মীয়া বাৰ্তা, ১২ মেঃ অসমৰ চুবুৰিয়া ৰাজ্য অৰুণাচল প্রদেশত সোমবাৰে সেনা আৰু আৰক্ষীয়ৰ এক গোপন অভিযানত আটক কৰে নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)ৰ এজন সক্ৰিয় কেডাৰ । প্ৰাপ্ত খবৰ অনুসৰি ১৯ নং আসাম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশৰ নামপং আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত চলোৱা এক অভযানত নামপঙৰ পৰা তিনি কিল মিটাৰ দূৰৈৰ থেৰিয়ামখান গাঁ‌ৱৰ এটা ঘৰৰ পৰা দুৰ্ধষ কেডাৰ জনক কৰায়ত্ত কৰে। আটক কৰা কেডাৰ জনৰ নাম অনঙ চিংফৌ | ঘৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত ইনথেমত বুলি সেনাৰ সূত্ৰত প্ৰকাশ । আটক কৰা কেডাৰ জনৰ পৰা এটা নাইন এম এম এটা পিষ্টল সহ কেইবা ৰাউণ্ড সজীৱ গুলী, এটা গেণেড, অন্যান্য আপত্তি জনক নথী পত্ৰ আৰু কিছু আপত্তিজনক সামগ্রী জব্দ কৰিছে!

You might also like