নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ১২ মেঃ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস উদযাপন কৰা হয়। ভাৰতীয় মজদুৰ সংঘৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ পূৰ্বোত্তৰ খাদান মজদুৰ সংঘৰ উদ্যোগত অনুষ্টুপিয়াকৈ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত উদযাপন কৰে। ক’ৰোনা ভয়াবহতাৰ মাজতো নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিজৰ কৰ্মত বৰ্তী হৈ থকা নাৰ্ছসকলক উৎসাহিত কৰা উদ্দেশ্যে পূৰ্বোত্তৰ খাদান মজদুৰ সংঘই নাৰ্ছসকলক ফুলাম গামোচা আৰু ফুলেৰে অভিবাদন জ্ঞাপন কৰে। এই উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতিষ ৰাই, ভাৰতীয় মজদুৰ সংঘ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভাৰতভূষণ বৰঠাকুৰ সহ চিকিৎসালয়খনৰ সমূহ কৰ্মচাৰী। 

You might also like