নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ বানাক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ আছুৰ

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ অসম চৰকাৰ আৰু জলসস্পদ বিভাগে অহা খৰালিত ঐৰামঘাটৰ পৰা চেঙাজানলৈ বিজ্ঞান সন্মতভাবে মঠাউৰি আৰু বল্ডাৰ স্পাৰ যদিহে নিৰ্মাণ নকৰে তেন্তে অসম ছাত্ৰ সন্থাই জোনাইৰ বানপিড়ীত ৰাইজৰ সহযোগত গৰাখহনীয়া আৰু বান প্ৰতিৰোধৰ বাবে মঠাউৰি নিৰ্মাণ কৰিব এই শুংকাৰ আছুৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীৰ ৷ আজি জোনাইৰ বেৰাচাপৰি বানপিড়ীত অঞ্চলৰ দহ খন গাঁৱত প্ৰায় ৫০০ বৰ্নাত্য পৰিয়ালক জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা আছুৰ সহযোগত আলু , দাইল, মেক্স, মিঠাতেল, বিস্কুট, ধূপকাটি, সৰু লৰা ছোৱালীৰ বাবে কাপোৰ কানি আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰন কৰে৷ এই সাহাৰ্য বিতৰণ অনুষ্ঠানতে আছুৰ উপ সভাপতি গৰাকীয়ে বানপিড়ীত ৰাইজৰ বুজ লৈ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰৰ জনবিৰোধী কামকাজক ক্ষুৰধাৰ সমালোচনা কৰি কয় জোনাইত ভূৱন পেগুৱে ১০ বছৰ বিধায়ক হল, প্ৰদান বৰুৱা ১৫ বছৰ জোনাইৰ বিধায়ক হৈ সাংসদো হল কিন্তু জোনাই সমষ্টিৰ বাবে কোনো বান গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কাম নকৰিলে৷ৰাইজে বিধায়ক ভূৱন পেগুক পূৰ্বতে বহুত ভাল পাইছিল কিয়নো ৰাইজৰ হৈ বলিষ্ঠ মাত মাতিছিল আজিকালি জোনাই বিধায়ক বেপাৰ আৰু কমিচনত ব্যস্থ এতিয়া জোনাইৰ বিধায়ক অকৰ্মন্য হল , কাম নাই সদনত মাত এটা মাতিব নোৱাৰা হল৷ ২০০০ চনৰ পৰা জোনাই সমষ্টিত চিয়াং-লালী, চিমেন নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰতি বছৰে গৰাখহনীয়া আৰু বানপানী লাখ লাখ জনসাধাৰণৰ মাজত দুৰ্যোগ আনি আছে৷ আজি জোনাইৰ এই অৱস্থা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত জোনাইৰ বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ চুড়ান্ত অৱহেলাৰ আৰু গাফিলটিৰ ফলত জোনাইৰ মহকুমাটোৰ শ শ হেক্টৰ কৃষিভূমি নদীত জাহ যোৱাৰ লগতে হাজাৰ হাজাৰ পাৰিয়ালৰ গৃহহাৰা, হল, পশুধন ক্ষতিসাধন হল, কিন্তু এই চৰকাৰে বানপানীত থকা মনুহৰ কাৰনে কোনোধৰনৰ সংস্থাপনৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বানক্ৰান্ত ৰাইজৰ মাজত প্ৰশাসনৰ ফালৰ পৰা খাদ্য সামগ্ৰী আৰু সাহায্যৰ যোগান ধৰাৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে৷ কিয়নো গৰ্ভৱতী মহিলাৰ কাৰনে মাতৃ খাদ্য নাই , শিশু খাদ্য নাই৷বেৰাচাপৰি বানপিড়ীত ৰাইজে পশুধনৰ সৈতে একেলগে সহবাস কৰিব লগা হৈছে৷ চৰকাৰে জোনাইৰ বানপীড়িত বেৰাচাপৰি অঞ্চলটোক খিৰতি গাইৰ দৰে ব্যৱহাৰ কৰি আহিছে কিয়নো বাৰিষাৰ সময়ত ৮০ লাখ টকাৰ এম জি এন ৰেগাৰ এক আঁচনিৰে মঠাউৰি নিৰ্মাণ কৰি ৰাজহুৱা ধন অপচয় কৰাৰ বাদে নৈপৰীয়া ৰাইজৰ মাটিভেটি সুৰক্ষা প্ৰদানত চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি চৰকাৰৰ ভূমিকাক সমালোচনা কৰে। চিয়াং নদীৰ বান-খহনীয়াৰ কবলত পৰা বানাক্ৰান্তক উচিত ক্ষতিপূৰণ আৰু পুনঃ সংস্থাপন ব্যৱস্থা গ্ৰহণ কৰা নাই।এই বাৰিষাৰ ফলত শ শ পশুধনৰ মৃত্যু মুখত পৰিছে৷ বৰ্নাত্যৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি আহিছে ৷ তৎস্বত্তেও অসম চৰকাৰৰ জলসম্পদ বিভাগে চিয়াং নদীৰ বান-খহনীয়াৰ প্ৰতিৰোধৰ বাবে কোনো আঁচনি হাতত লোৱা নাই।আজিৰ সাহাৰ্য বিতৰণ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কায্যনিবাহক সদহ্য মন্টুৰাজ বৰুৱা ধেমাজী জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা উপ সভাপতি ৰাজীৱ গগৈ,সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস, মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, বিত্ত সম্পাদক জগদীশ কছাৰী সাহিত্য সম্পাদক দেবেন ডেকা সাংস্কৃতিক সম্পাদক হীৰেন হৰনীয়া প্ৰচাৰ সম্পাদক কৈলাশ মিৰি জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী সাধাৰন সম্পাদক নয়নজোতি বৰুৱাৰ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে৷

You might also like