নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰেই প্ৰিয় কুকুৰটোৱে ৰণবীৰক কৰিলে আক্ৰমণ, যাবলগা হ’ল হাস্পতাললৈ…

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ জীৱ-জন্তুৰ প্ৰতি অপ্ৰাণ ভাল পোৱা আছে অভিনেতা ৰণবীৰ কাপুৰৰ । তেওঁৰ সৈতে ২ টা পোহনীয়া কুকুৰ আছে । শেহতীয়াকৈ মিডিয়াত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিনেতাজনৰ পোহনীয়া এটা কুকুৰে তেওঁৰ মুখত আঁচুৰে । অৱশ্যে এই সামান্য আঁচুৰাক লৈ একেবাৰেই ৰিস্ক ল’ব নিবিচাৰিলে অভিনেতা ৰণবীৰে । যাৰ বাবে তেওঁ ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে ৰণবীৰ আৰু তেওঁৰ ভগ্নী ৰিদ্ধিমাই মাতৃ নিতু সিঙৰ জন্মদিন পালন কৰিছে । যাৰ ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

(উৎসঃ ৰিপাব্লিক টিভি)
You might also like