নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা লাহৰীঘাটৰ লাউভূৰুঙ্গাত তিনি দিনীয়াকৈ আৰম্ভ হৈছে ৰাস মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা লাহৰীঘাটৰ লাউভূৰুঙ্গাতো অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণ ৰাস লীলা। লাউভূৰুঙ্গা আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া ৰাস মহোৎসৱৰ আজিৰ প্ৰথমদিনা মূলদ্বাৰ মুকলি কৰে স্থানীয় সমাজ সেৱক,প্ৰাক্তন কাউন্সিলাৰ বুধেন ডেকাই। এই কাৰ্যসূচীত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মানসিং পাতৰ।

উল্লেখ্য যে মূলদ্বাৰ মুকলিৰ পূৰ্বে উদ্বোধক বুধেন ডেকা আৰু বিশিষ্ট অতিথি গৰাকীক একোখন ফুলাম গামোচা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ৰাস মহোৎসৱৰ পতাকা উত্তোলন কৰে ৰাস উদযাপন সমিতিৰ সভাপতি হৰকান্ত ডেকাই।লগতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ উপ সভাপতি সোন্ধৰাম পাতৰে। অনুষ্ঠানটো পৰিচালনাত আঁতধৰে স্থানীয় শিক্ষক উদ্ধৱ বৰদলৈ আৰু ৰাস উদযাপন সমিতিৰ সম্পাদক বিক্ৰম দেউৰীয়ে। ইফালে আজি সন্ধিয়া স্থানীয় যুৱতীসকলে পৰিবেশন কৰে শ্ৰীকৃষ্ণ ৰাস লীলা।

You might also like