নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত স্বেচ্ছাসেৱী সংস্থা “টিম জোনাই”য়ে নিৰ্মাণ কৰা “আই লভ পবা” (I LOVE POBA) ৰ ফলক মুকলি

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ জোনাইত কেইজন যু্ৱকৰ এক ব্যক্তিক্ৰমি প্ৰচেষ্টা৷ জোনাইৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা “টিম জ’নাই”ৰ সদস্য সকলে ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল পবাত পৰ্যটনক আৰ্কষিত কৰিবলৈ পবাৰ তিনামাইল বিটৰ সমীপত স্থাপন কৰা I LOVE POBA ৰ ফলকখন আজি মুকলি কৰে ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত(ৰাজহ) তথা জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে সহযোগিতা আগবঢ়াই মিচিং স্বয়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং আৰু জোনাই মহকুমা বনাঞ্চলিক বিষয়া মুকুট ৰাভাই৷ ফলকখন মুকলিৰ পিছতে গছত উঠি জোনাই মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি গৰাকীয়ে অৰ্কিড ৰূপন কৰে৷

উল্লেখ্য যে জোনাইৰ পবা বনাঞ্চলৰ পৰ্যটনৰ আৰ্কষণৰ অন্যতম স্থান হল তিলিমাইল বিটৰ চিয়াং নৈৰ পাৰ৷ তিনিমাইল বিটৰ চিয়াং নৈৰ পাৰত অসমৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ অধ্যয়নৰ লগতে পিকনিকৰ বাবে এক উপযুক্ত স্থান৷ বছৰৰ প্ৰতিটো সময়তে এই তিনিমাইল বিটত দেখা যায় পৰ্যটনৰ উপস্থিতি৷ চিৰ সেউজীয়া বনাঞ্চলৰ কাষতে থকা চিয়াংৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ লগতে পৰিভ্ৰমী চৰাই  চাবলৈ বছৰত ভিৰ কৰে পৰ্যটন৷ সেয়ে পৰ্যটনক অধিক আৰ্কষণ কৰিবলৈ চিয়াং নৈৰ পাৰত থকা গছসমূহত ৰং কৰি অধিক আকৰ্ষণীয় কৰি তুলিছে “টিম জ’নাই”ৰ সদস্য সকলে৷ ‘টিম জোনাই’ স্বেচ্ছাসেৱী সংগঠটোৱে সকলোলৈ আহ্বান যে, আমি সকলোৱে মিলি পবাক সংৰক্ষণ কৰো আহক পবাৰ  সৌন্দৰ্য্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰো ৷

You might also like