নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত আন এজনৰ ওলাল ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা,২৯ এপ্ৰিল: আমচৈ ৰাজ্যিক চিকিৎসালয় সূত্ৰে জানিব পৰা মতে দুদিন বিৰতিৰ পাছত আজি ২৯ এপ্ৰিলত বেলতলা গাঁৱৰ আন এজনৰ শৰীৰত ক’ৰোণা পজিটিভ পোৱা গৈছে । ইয়াকে লৈ আমচৈ অঞ্চলত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পালে । এই আক্ৰান্তৰ সৰহ সংখ্যকেই বেলতলা গাঁৱৰ ।

ইফালে আমচৈ চাহ বাগিচাৰ ক’ৰোণা আক্ৰান্ত এজনক সাতদিন হোম কৰেইন্টাইনত থকাৰ পিছতো পৰীক্ষা কৰাত পুনৰ ক’ৰোণা পজিটিভ থকাৰ প্ৰমাণ পোৱা গৈছে । আমচৈ ৰাজ্যিক চিকিৎসালয়ে এই ৰোগীজনৰ হোম কৰেইন্টাইনত থকাৰ সময় বৃদ্ধি কৰি চিকিৎসা চলাই আছে ।

You might also like