নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ক’ভিডত মৃত্যু ১ জনৰ; আজিও ওলাল ৯৫ জনৰ দেহত ক’ভিডৰ অৱস্থিতি

নিয়মীয়া বাৰ্তা, ২৯এপ্ৰিল: গোলাঘাট জিলাত কভিড১৯ৰ দ্বিতীয়টো লহৰত এগৰাকী ৬০ বছৰীয়া মহিলাৰ মৃত্যু হয় । বৰপথাৰ গেলাবিল অঞ্চলৰ নিবাসী গংগা চেত্ৰী নামৰ ৬০ বছৰীয়া মহিলা গৰাকী যোৰহাট মেডিকেল কলেজত যোৱা ২৫ এপ্ৰিলত ছোৱাব টে’ষ্টত কভিডত আক্ৰান্ত বুলি চিনাক্ত কৰে ।

ইয়াৰ পাছতে চিকিৎসকে হোম আইচলেশ্বনত থকাৰ পৰামৰ্শ দিয়ে । হোম আইচলেশ্বনত থকাৰ সময়তে লোক গৰাকী আজি মৃত্যু হয় । আনহাতে আজি জিলাখনত ৯৫ গৰাকী লোক কভিডত আক্ৰান্ত বুলি চিনাক্ত হয় । বৰ্তমান জিলাখনত আক্ৰান্তৰ সংখ্যা ৬৯২ জনলৈ বৃদ্ধি পায় । জিলাখনত বৰ্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৪৯৪ জনলৈ বৃদ্ধি পাইছে । ইয়াৰে ৪১২ জনৰ ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে ৮২ জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা লোক সকল বৰ্তমান ৫৪ জন গোলাঘাট কভিড হাস্পতালত, ২৬ জন ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত, যোৰহাট মেডিকেল কলেজত ১ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এজন ৰোগী চিকিৎসাধীন হৈ আছে ।

আজিৰ দিনটোতে ৩১ জন লোক সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিছে চিকিৎসকে । আজি ধৰা পৰা ৫০ জন আক্ৰান্তৰ ভিতৰত কমাৰবন্ধাৰ ১৪ , বোকাখাটৰ ১১, সৰুপথাৰৰ ৩৮, মিছামৰাৰ ১৯, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৬, চাৰিঙীয়া ৪, মৰঙী ৩জন লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ।

You might also like