নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী জিলা প্ৰশাসনৰ দ্বাৰা কৃষক পঞ্জীয়ণ আৰু ধান ক্ৰয় বিষয়ক গাওঁ সভা”

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : ৰাজ্য চৰকাৰৰ নিৰ্দেশ ক্ৰমে সমগ্ৰ ৰাজ্যৰ লগতে আজি জিলাখনৰ মুঠ ২১ খন গাওঁ পঞ্চায়তৰ লগতে কেন্দ্ৰীয় ভাৱে ফুলনি গাওঁ পঞ্চায়তৰ অন্তৰ্গত মধ্য মাজুলী মিলন সংঘ ফুলনিত মাজুলী প্ৰশাসনৰ উদ্যোগত কৃষকৰ মাজত পঞ্জীয়ণ আৰু ধান ক্ৰয়ৰ ওপৰত বিশেষ গাওঁ সভা কৃষক সকলৰ উপস্থিতত অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে মাজুলীৰ উপায়ুক্ত পুলক মহন্তই। সভাৰ আদৰণি ভাষণ আগবঢ়ায় ফুলনি গাওঁ পঞ্চয়তৰ সভাপতি গজেন নৰহে ।উদ্দেশ্যেব্যাখ্যা কৰে কৃষি বিষয়া ইৰচাদ আলিয়ে । উদ্দেশ্যেব্যাখ্যাত আলীয়ে বৰ্তমানৰ চৰকাৰে ভাৰতীয় খাদ্য নিগমৰ দ্বাৰা কৃষকৰ পৰা চৰকাৰে নিৰ্ণয় কৰা ১৯৪০ টকাৰ দৰত ধান ক্ষয় কৰাৰ কথা সভাত ব্যক্ত কৰে আৰু ইয়াৰ বাবে কৃষকে কৃত্তৰ্পক্ষৰ ওচৰত নাম পঞ্জীয়ণ কৰি একোখনকৈ কৃষকৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিব লাগিব। এই বিষয়ে কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ কৃষি বিষয়া গৰাকীয়ে আহবান জনায়।
সভাপতিৰ আসনৰ পৰা উপায়ুক্ত গৰাকীয়ে সভাত উপস্থিত থকা কৃষকক চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যত ধান ভাৰতীয় খাদ্য নিগমক বিক্ৰী কৰি খেতিয়ক সকল আৰ্থিক ভাৱে লাভৱান হ’বলৈ আহ্বান জনায়। তেখেতে জিলাখনত ধান উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সন্তোষ প্ৰকাশ কৰে । এই সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ১১,৮৬০ গৰাকী কৃষকক প্ৰমাণ পত্ৰ দিয়াৰ কথা ঘোষণা কৰে। পঞ্জীয়নভুক্ত ৪৭০ গৰাকী কৃষকৰ ১০ গৰাকীক কৃষকক প্ৰমাণ পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰে। লগতে কৃষক সকলৰ মাজত এক প্ৰশ্ন উত্তৰ শিতানৰ কাৰ্য্যসূচীও গ্ৰহণ কৰে।

উক্ত সভাত আমন্ত্ৰিত অতিথি ক্ৰমে মাধৱ দেউৰী, মুখ্য কাৰ্য্যবাহী বিষয়া দেউৰী স্বায়িত্ব শাসিত পৰিষদ, সমাজ সেৱক লোকনাথ কুটুম আৰু ফণীধৰ টাই, কৃষি পৰামৰ্শদাতা ইমৰান হুছেইন , ৰাজীৱ পেগু উপস্থিত থাকি কৃষকক উদ্দেশ্যে কৰি ভাষণ প্ৰদান কৰে। নিমন্ত্ৰিত অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, কাৰ্তিক কলিতা , জিলা পৰিষদ ৰ সদস্য আৰু ৰাইজ উপস্থিত থাকে। লুইত খাবলু গাওঁ পঞ্চায়ত অনুষ্ঠিত হোৱা আন এখন গাওঁসভাত সভাপতিত্ব কৰে পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দীপ্তি পাদুনে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই এই সম্পৰ্কে নিজ নিজ মতামত দাঙি ধৰে।

You might also like