নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত তিনিচুকীয়া জিলা সমাজকল্যাণ বিভাগৰ আঁচনি সন্দৰ্ভত পৰ্য্যালোচনা বৈঠক

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলা সমাজকল্যাণ  বিভাগৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন আঁচনি তথা কাৰ্য্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত বুজ লবৰ বাবে  এখনি গুৰুত্বপূৰ্ণ  পৰ্য্যালোচনা  বৈঠকত মিলিত হয় জিলা উপায়ুক্ত স্বপ্নীল পাল। জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই পৰ্য্যালোচনা বৈঠকত জিলাখনত বিভাগটোৰ দ্বাৰা ৰূপায়ন হৈ থকা  পৰিপূৰক পুষ্টি কাৰ্যসূচী, পোষণ অভিযান, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা,  আদৰ্শ অংগনৱাড়ী কেন্দ্র নিৰ্মানৰ অগ্ৰগতি, অংগনৱাড়ী কেন্দ্রসমূহত পানী তথা বিজুলী সংযোগৰ লগতে দীন দয়াল দিব্যাংগ জন পুনসংস্থাপন আচঁনি, দীন দয়াল দিব্যাংগ পেঞ্চন আচঁনিৰ লগতে বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থা সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে বিতংভাবে  আলোচনা কৰে। জিলা উপায়ুক্তগৰাকীয়ে ৱান ষ্টপ কেন্দ্রৰ কামকাজ সন্দৰ্ভতো বিতংকৈ পৰ্য্যালোচনা কৰে। জিলা উপায়ুক্ত স্বপ্নীল পালে প্ৰতি গৰাকী দিব্যাংগই যাতে পৰিচয় পত্ৰ লাভ কৰে লগতে কোনো দিব্যাংগই যাতে চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে অংগণৱাডী চুপাৰভাইজাৰসকলক নিয়মিত ৰূপে   অংগনৱাড়ী কেন্দ্রসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত (সমাজকল্যাণ) চৰফ্ৰাজ হক, ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া নিলুৰাম শৰ্মা প্ৰমুখ্যে প্ৰতিটো সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়াসকল, খণ্ড সমন্বয়কসকল, পোষণ বিষয়াসকলৰ লগতে  অংগনৱাড়ী চুপাৰভাইজাৰ সকলো  উপস্থিত থাকে।

প্ৰেৰক:-বিবেক বড়া

You might also like