নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত শিক্ষামন্ত্ৰী ৰনোজ পেগু: পৰিদৰ্শন কৰিলে নামচাং আদৰ্শ বিদ্যালয় আৰু চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়  

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: চৰ্চাত এখন চৰকাৰী বিদ্যালয়। বেচৰকাৰী নামীদামী বিদ্যালয়ৰ সমানে উন্নত এইখন বিদ্যালয়ৰ আন্তঃগাঁঠনি। চচিয়েল মিডিয়াতো যথেষ্ট ভাইৰেল হৈছে বিদ্যালয়খন। আৰু অৱশেষত বিদ্যালয়খন চাবলৈ আহিল খোদ শিক্ষামন্ত্ৰী ৰণোজ পেগু। এখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুজনৰ। নামী দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে সকলো সা-সুবিধাৰে পৰিপূৰ্ণ অতি ভিতৰুৱা অঞ্চলৰ এইখন চৰকাৰী বিদ্যালয়।পৰিস্কাৰ পৰিচন্ন বিদ্যালয়ৰ চৌহদ- শ্ৰেণীকোঠা-বাথৰুম। ছাত্ৰ ছাত্ৰীৰ বাবে আছে বিশুদ্ধ খোৱাপানীৰ লগতে ঠাণ্ডাদিনত গৰম পানী খোৱাৰো ব্যৱস্থা। নাহৰকটীয়াৰ চাচনি যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত উপলব্ধ এই দৃশ্য। চৰকাৰী বিদ্যালয় বুলিলে সাধাৰণতে যিখন প্ৰতিচবি বা যেনে ধাৰনা আপোনাৰ মনলৈ আহে তাক সলনি কৰিব এইখন চৰকাৰী বিদ্যালয় দেখিলে।ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ এইখন চৰকাৰী বিদ্যালয়ৰ আছে সকলো সা-সুবিধা তথা আন্তঃগাঁঠনি।ছাত্ৰ ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰেই আছে সকলো সুবিধা। বিদ্যালয় খনৰ প্ৰধান শিক্ষক ভূপেন গোহাঁইয়ে আন শিক্ষক সকলৰ সহযোগত নিজৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে আত্যাধুনিক water purifier। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে বিশুদ্ধ গৰম আৰু ঠাণ্ডা পানী খাব পৰাকৈ কৰিছে এই ব্যৱস্থা। Computer শিক্ষক নাই যদিও সিমিত জ্ঞানেৰে ছাত্ৰ ছাত্ৰীক শিক্ষক সকলে দি আহিছে computer শিক্ষা। বিদ্যালয়খনৰ পৰিস্কাৰ চৌহদ শ্ৰেণীকোঠাৰ লগতে পৰিষ্কাৰ আৰু বিজ্ঞান সন্মত ভাবে নিৰ্মাণ কৰা হৈছে বাথৰুম। চৰকাৰৰ প্ৰতিটো আঁচনি সঠিকভাৱে ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে বিদ্যালয়খনৰ আন্ত:গাঠনি যাৰ বাবে আন আন চৰকাৰী বিদ্যালয়ৰ বাবেও আদৰ্শ হৈ পৰিছে এইখন চাচনি যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়। ইফালে সামাজিক মাধ্যমত বিদ্যালয়খন যথেষ্ট ভাইৰেল হোৱাৰ পিছত বৃহস্পতিবাৰে বিদ্যালয়খনত উপস্থিত হয় খোদ শিক্ষামন্ত্ৰী ৰণোজ পেগু। স্থানীয় বিধায়ক তৰঙ্গ গগৈৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰে। এখন বিদ্যালয়ৰ পৰিবেশ তথা আন্তঃগাঠনি ভাল কৰবলৈ হলে বহু টকা পইচাৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যাৰ মনৰ ইচ্ছাৰ আৰু সেয়া কৰি দেখুৱালে যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ে। এই বিদ্যালয়খনক আদৰ্শ হিছাপে সকলো চৰকাৰী বিদ্যালয়ে লওঁক বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ইয়াৰ আগতে নাহৰকটীয়াৰ অসম অৰুনাচল সীমান্তৰ অতিকে দুৰ্গম পাহাৰীয়া অঞ্চল নামচাঙত বৃহস্পতিবাৰে উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু।নামচাং চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিদ্যালয়খনৰ আন্তঃগাঠনিৰ লগতে শিক্ষা ব্যৱস্থাৰ বুজ লয়।তদুপৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ডিজেটল শ্ৰেণী কোঠা,আৰু বিদ্যালয়খনত জেনেটৰ ব্যৱস্থা মুকলি কৰে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে অতিশীঘ্ৰে বিদ্যালয়খনৰ অভাগ অভিযোগ তথা সমস্যা দূৰ কৰাৰ লগতে বিদ্যালয়খন সঁচা অৰ্থত আদৰ্শ বিদ্যালয়ৰূপে গঢ় দিয়াৰ আশ্বাস প্ৰদান কৰে।
You might also like