নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনত বিৰোধীৰ এজনকৈ প্রার্থীৰ চলিছে প্রস্তুতি

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ‘কংগ্রেছৰ সৈতে আমাৰ আদর্শগত বিৰোধিতা সদায়েই থাকিব৷ কিন্তু আঞ্চলিকতাবাদী ৰাজনীতিক নিঃশেষ কৰাৰ চেষ্টা চলোৱা বিজেপিৰ বিৰোধ কৰাৰ বাবে সকলো সৰু–বৰ বিৰোধী ৰাজনৈতিক দল এক লগ হ’ব লাগিব৷ আমাৰ এই সময়ত প্রধান শত্রু হ’ল বিজেপি৷’ পাটাছাৰকুছি সমষ্টিত বৃহস্পতিবাৰে উক্ত মন্তব্য কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰণিজ্যোতি গগৈয়ে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷

তেওঁ কয় যে ন ন আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি চমক দেখুৱালেও অসমৰ ৰাইজে কিন্তু এটা সময়ত বিজেপিৰ হিতাধিকাৰী সৃষ্টিৰ আঁৰৰ প্রকৃত কথা বুজি পাব৷ হিতাধিকাৰী সৃষ্টিৰ বাবে তৈয়াৰ কৰা আঁচনিৰ বাবেই সম্প্রতি অত্যাৱশ্যকীয় সামগ্রীৰ হোৰাহোৰে দাম বৃদ্ধি হৈ আহিছে, যাৰ ফলত অসমৰ মধ্যবিত্ত শ্রেণীৰ ৰাইজ জুৰুলা হৈ পৰিছে৷ আজি পাঠশালাত অসম জাতীয় পৰিষদৰ বজালী জিলা সমিতি আৰু পাটাছাৰকুছি সমষ্টিৰ মুখ্য কার্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে সাংবাদিকৰে হোৱা বার্তালাপত লুৰিণজ্যোতি গগৈয়ে আৰু কয় যে বিজেপি দলে সমগ্র দেশৰে আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহক নিঃশেষ কৰিবলৈ দিনে–নিশাই কাম কৰি আহিছে, কিন্তু দলটোৰ এই ষড়যন্ত্র কেতিয়াও সফল নহয়৷ বিশেষকৈ অসমত আঞ্চলিকতাবাদী শক্তিৰ আধিপত্য পূর্বতেও আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব৷ বিজেপিৰে মিত্রতা থকা আঞ্চলিক দলসমূহৰ কি অৱস্থা হৈছে সেয়া অসমৰ ৰাইজে দেখিছে বুলি কটাক্ষ কৰি গগৈয়ে কয় যে বিজেপি চৰকাৰে ১০০ দিন শাসনভাৰ চলোৱাৰ পিছতে সমগ্র ৰাজ্যতে আৰম্ভ হৈছে প্রতিষ্ঠানবিৰোধী ঢ়ৌ৷ কাৰণ বিগত এশ দিনত সকলোফালে ব্যর্থ হৈছে এইখন চৰকাৰ৷ দামবৃদ্ধিৰ পৰা আৰম্ভ কৰি চৰকাৰখনে সকলোতে দিয়া এটাও প্রতিশ্রুতি ৰক্ষা কৰিব পৰা নাই৷ যাৰ ফলত ৰাইজ ভিতৰি ভিতৰি ক্ষোভিত হৈছে৷

ৰাজ্যত সমাগত উপ–নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থত অসম জাতীয় পৰিষদে বিশেষ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি সকলো বিৰোধী ঐক্যবদ্ধ হৈ প্রতিটো সমষ্টিতে মাত্র এজন বিৰোধী প্রার্থী দিয়াৰ চিন্তা–চর্চা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে৷ আনহাতে উপ–নির্বাচনত নিজে ভূমিকা গ্রহণ কৰিব যদিও কোনো সমষ্টিত প্রার্থিত্ব আগবঢ়োৱাৰ ক্ষেত্রত তেওঁ সিদ্ধান্ত নলয় বুলি প্রকাশ কৰে৷ এজেপিৰ নেতা হৰিধন লহকৰে আঁত ধৰা কার্যালয় উদ্বোধন কার্যসূচীত অসম জাতীয় পৰিষদৰ নেতা ফণী পাঠক, অচিন্ত ৰয়সহ কেইবাগৰাকীও নেতা উপস্থিত থাকি ভৱানীপুৰ সমষ্টিৰ উপ–নির্বাচনৰ বাবে একপ্রকাৰ ৰণশিঙা বজায়৷

You might also like