নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ কাছাৰত ম’বাহল গেম খেলি থকাৰ বাবে নাবালক হত্যা, তীব্র প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: কাছাৰ জিলাত সংঘটিত হৈছে আন এটা নাবালক হত্যাৰ ঘটনা৷ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ জাৰহতলাত৷ খবৰ অনুসৰি যোৱা সোমবাৰে বিয়লি পাঁচমান বজাত ম’বাহল গেম খেলাৰ বাবে কিশোৰক প্রহাৰ কৰি হত্যা কৰে চুবুৰীয়াই৷ কিশোৰটিৰ নাম পান্না নাথ৷ বয়স ১৩বছৰ৷ কিশোৰটিৰ পিতৃ মনমোহন নাথে জানিবলৈ দিয়া মতে, সোমবাৰে তেওঁৰ ১৩ বছৰীয়া পুত্র পান্না নাথে চুবুৰীয়া ভূপেন্দ্র নাথৰ খালী ঘৰৰ বাৰাণ্ডাত দীপক নাথৰ ম’বাহল ফোনেৰে গেম খেলিছিল৷ ম’বাইলত গেম খেলাৰ বাবে দীপক নাথে পান্নাক মৰিয়াই মৰিয়াই ধাননি পথাৰলৈ লৈ যায় আৰু তাতেহ অভিযুক্তই পান্নাক তীব্র প্রহাৰ কৰে৷ তদুপৰি ঘটনাস্থলীত অচেতন অৱস্থাত এৰি থৈ যায় নাবালকজনক৷ কিছু সময়ৰ পিছত কিশোৰটিৰ মাতৃয়ে সেই স্থানৰ পৰা পুত্রক উদ্ধাৰ কৰি প্রাথমিক চিকিৎসাৰ বাবে বৰখলা স্বাস্থ্য কেন্দ্রত ভর্তি কৰে৷ কর্তব্যৰত চিকিৎসকে তেওঁৰ অৱস্থা সংকটজনক হোৱা দেখি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু কর্তব্যৰত চিকিৎসকে পান্নাক মৃত ঘোষণা কৰে৷ পিছত পিতৃ মনমোহন নাথে দীপক নাথৰ বিৰুদ্ধে বৰখলা থানাত এফ আই আৰ দাখিল কৰিছে৷ ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছত কাছাৰ আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত দীপক নাথক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

You might also like