নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজাক ‘পক্ষী অভিযন্ত্ৰা’ই সোণত সুৱগা চৰাইছে সত্ৰ নগৰী  মাজুলীৰ সৌন্দৰ্য্যত

নিয়মীয়া বাৰ্তা, ১৬ মে’:  ঈশ্বৰ সৃষ্ট মাজুলীৰ চৌদিশ এতিয়া মনোমোহা কৰি তুলিছে এজাক অভিযান্ত্ৰিক চৰাইয়ে ৷ প্ৰকৃতিৰ নান্দনিকতাই মুগ্ধ কৰিছে   সত্ৰ সংস্কৃতিৰ বৰঘৰ গাৱঁলীয়া চহা জীৱন আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ভড়াল বিনন্দীয়া মাজুলীক । মাজুলীৰ সৌন্দৰ্য দুগুনে বৃদ্ধি কৰিছে এই পক্ষী অভিজন্ত্ৰাই। গ্ৰাম্যাঞ্চলৰ পৰা বিলুপ্ত হৈ যাব খোজা এজাক পক্ষীৰ কলৰৱত মূখৰিত মাজুলীৰ চৌপাষ  মাজুলীৰ বিভিন্ন অঞ্চলৰ গৃহস্থৰ বাৰিত তামোল গছ, টকৌ গছ,  নাৰিকল গছৰ লগতে বিভিন্ন গছত বাহঁ সাজি এবিধ বিশেষ চৰাইয়ে নান্দনিক দৃশ্যৰ সৃষ্টি কৰিছে। এই টুকুৰা চৰাই জাকৰ কল -কল শব্দত মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ ৷ পক্ষী অভিযন্ত্ৰা হিচাপে পৰিচিত টোকোৰা চৰাইবোৰৰ কিচিৰ-মিচিৰ শব্দত প্ৰকৃতিয়েও যেন সজল নয়নেৰে চকু মেলিছে। বাৰিষা অহাৰ লগে লগে মাজুলীৰ বুকুলৈ উভতি আহে  এই টোকোৰা চৰাই জাক ৷ ক্ৰমান্বয়ে বিলুপ্ত হবলৈ উপক্ৰম হোৱা এই টোকোৰা চাইৰজাকৰ গৃহ নিৰ্মাণৰ ক’লাই আৰ্কষিত কৰে পৰ্যতককো ৷ ইফালেমাজুলীৰ গছ-গছনি, জান-জুৰিবোৰত  না – না ৰঙৰ  পক্ষীয়ে  মুক্ত বিচৰণ কৰিছিল   যদিও আজিৰ তাৰিখত কিছু অসাধূ লোকৰ অত্যাচাৰৰ বাবে চৰাইবোৰ কমি আহিবলৈ ধৰিছে ৷ এইবাৰ মাজুলীৰ বিভিন্ন প্ৰান্তত নিৰাপদে আশ্ৰয়স্থল বাচি লোৱা টোকোৰা চৰাইবোৰৰ কাকলিত মাজুলী মুখৰিত হৈ পৰা দেখি প্ৰকৃতি প্ৰেমী সকলে  এই পক্ষী প্ৰজাতিৰ সংৰক্ষণৰ বাবে বন বিভাগৰ কিছু কৰনীয় আছে বুলি মন্তব্য কৰিছে ৷ 
-প্ৰাঞ্জল খাউণ্ড
You might also like